ছাত্ৰীয়ে কাৰাগাৰত পৰীক্ষা দিয়াক লৈ ডঃ দিব্যজ্যোতি শইকীয়াৰ চৰকাৰক সমালোচনা।


গুৱাহাটী: নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফাৰ সমৰ্থনত কবিতা লিখা বুলি অভিযুক্ত কৰি কাৰাগাৰত এগৰাকী ছাত্ৰীক দুমাহে বন্দী কৰাক লৈ অসমত এতিয়াও অসন্তুষ্টি চলি আছে । অসমৰ যোৰহাট দি চি বি মহাবিদ্যালয়ৰ গণিতৰ দ্বিতীয় বৰ্ষৰ  ১৯ বছৰীয়া বৰ্ষাশ্ৰী নামৰ  ছাত্ৰী গৰাকীক  ১৮ মে'ত গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) ধাৰা ১০ আৰু ১৩ ৰ অধীনত আৰক্ষীয়ে তেওঁক অভিযুক্ত কৰিছে।

  তেওঁ বৰ্তমান গোলাঘাট জিলা কাৰাগাৰত বন্দী হৈ আছে৷ গোচৰটোৰ শুনানি বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে আৰু পৰৱৰ্তী শুনানি ২১ জুলাইত হ'ব৷ ইফালে, স্থানীয় আদালতৰ ৰায়ৰ ভিত্তিত আজি কাৰাগাৰৰ ভিতৰতেই ছাত্ৰী গৰাকীক স্থানীয় প্ৰশাসনে পৰীক্ষা দিবলৈ দিয়ে। উল্লেখযোগ্য যে আদালতে  ৰায় প্ৰদান কৰাৰ পিছতো  ছাত্ৰী গৰাকীক নিৰ্দিষ্ট পৰীক্ষা থলিত কিয় পৰীক্ষা দিবলৈ  স্থানীয় প্ৰশাসনে ব্যৱস্থা কৰি নিদিলে বুলি প্রশ্ন উত্থাপন কৰিছে সময়ে সময়ে সন্ত্ৰসবাদৰ বিৰুদ্ধে মাত মাতি অহা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। আনহাতে শইকীয়াই সদৌ অসম ছাত্ৰ সন্থাক প্ৰশ্ন কৰে যে ছাত্র সন্থাই যদি ছাত্ৰ ছাত্ৰীৰ বাবে বলিষ্ঠ ভাবে পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে তেনেহলে এনে ছাত্ৰ সংগঠনৰ প্ৰয়োজনেই বা কি? ডঃ শইকীয়াই লগতে উল্লেখ কৰে যে জুবিন নামৰ এজন গায়কে অলফালৈ যাম বুলি কৈছিল আৰু হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী পৰিষদৰ এজন মন্ত্ৰী  সঞ্জয় কিছানে  আলফাৰ ওচৰত ক্ষমা বিচাৰি অপৰাধ কৰা সত্বেও  চৰকাৰ তথা আৰক্ষীয়ে  কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰি সাধাৰণ এগৰাকী ছাত্ৰীক বাকৰুদ্ধ কৰি তেওঁক কাৰাগাৰত বন্দী কৰি ৰখা কাৰ্যক তীব্ৰ ভাবে গৰিহণা দিছে। তাৎপৰ্যপূৰ্ণভাৱে, আৰক্ষীয়ে দাখিল কৰা এজাহাৰখনত কোৱা হৈছে যে তেওঁৰ কবিতাত  ভাৰত চৰকাৰৰ বিৰুদ্ধে  এক বৃহত্তৰ অপৰাধমূলক ষড়যন্ত্ৰ আৰু অভিপ্ৰায়ৰ কথা উল্লেখ কৰিছে। আনহাতে, বুদ্ধিজীৱী আৰু বিৰোধীয়ে তেওঁৰ মুক্তি দাবী কৰে। ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে এগৰাকী উদীয়মান কবিয়ে কবিতাৰ  জৰিয়তে তেওঁৰ অদম্য মুক্ত-প্ৰবাহিত আত্মপ্ৰকাশ কৰি আহিছে। এনে পৰিস্থিতিত, দুমাহ সময় ধৰি, তেওঁক গ্ৰেপ্তাৰ কৰি  কাৰাগাৰত  ৰখা হৈছে। বৰ্তমান এইখন দেশত ৰাষ্ট্ৰদ্ৰোহৰ   অভিযোগত গ্ৰেপ্তাৰ কৰা আৰু কাৰাগাৰত ৰখাটো নতুন কথা নহয়। তেওঁ পুনৰ  চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে এইটো চৰকাৰৰ  এটা ডাঙৰ ভুল। চৰকাৰে কেৱল  বাক স্বাধীনতাই যে খৰ্ব কৰিছে এনে নহয় চৰকাৰে মানৱ অধিকাৰও  উলংঘন কৰিছে বুলি মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই উল্লেখ কৰে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment