তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চৌহদত বৃক্ষ ৰোপণ কাৰ্য্যসূচী

তিনিচুকীয়া ১৮ জুলাই : অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে দেওবাৰে  আনুষ্ঠানিকভাবে মুকলি কৰা "মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক গছপুলি ৰোপণ প্ৰকল্প"ৰ অধীনত আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চৌহদত এক বৃক্ষৰোপণ কাৰ্য্যসূচী অনুষ্ঠিত হয়। জিলা উপায়ুক্ত নৰসিং পৱাৰৰ লগতে জিলা প্ৰশাসনৰ সকলো উচ্চ পদস্থ বিষয়া তথা উপায়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰীসকলে এই বৃক্ষৰোপণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে,  বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত ৰূপায়িত এই প্ৰকল্পৰ অধীনত প্ৰতিটো চৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়, পৰিষদ, স্থানীয় নিগম-নিকায়, স্বায়ত্ত শাসিত পৰিষদ, পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, পঞ্জীভুক্ত ছ'চাইটী আদিক সাঙুৰি লোৱা হব।   
 ১৫ আগষ্টলৈকে চলিব লগীয়া এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে কাৰ্বন ভাণ্ডাৰ বৃদ্ধি কৰা, থলুৱা প্ৰজাতিৰ ফলমূল তথা ফুলৰ গছ, ঔষধি উদ্ভিদকে আদি কৰি অন্যান্য বিভিন্ন থলুৱা গছ-গছনিৰ সংৰক্ষণ কৰা, চৰকাৰী কাৰ্য্যালয়সমূহৰ চৌহদৰ সৌন্দৰ্যবৰ্ধনৰ লগতে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গছ-গছনি ৰোপণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা। 
আনহাতে, এই প্ৰকল্পৰ অধীনত প্ৰতিটো চৰকাৰী কাৰ্যালয় তথা অন্যান্য চৰকাৰী প্ৰতিষ্ঠনসমূহত বিষয়া-কৰ্মচাৰীসকলে ৰোপণ কৰা গছপুলিৰ জিঅ' টেগ কৰা ফটো www.shyamaleechouhad.assam.gov.in ৱেব পৰ্টেলত আপলোড কৰিব লাগিব। ইয়াৰ উপৰিও প্ৰতি ৬ মাহৰ মূৰে-মূৰে ৩ বছৰলৈকে ওপৰত উল্লেখিত ৱেব পৰ্টেলত জিঅ' টেগৰ সৈতে গছপুলিটোৰ ফটো আপলড কৰিব লাগিব । ইতিমধ্যেই এই প্ৰকল্পৰ  অধীনত ৩৫ টা বিভিন্ন প্ৰজাতিৰ ফলমূল,, ফুল তথা ঔষধি গছপুলি ৰোপণৰ বাবে নিৰ্ধাৰিত কৰি দিয়া হৈছে। 
আজিৰ গছ পুলি ৰোপণ কাৰ্য্যসূচীত  জিলা উপায়ুক্ত নৰসিং পৱাৰৰ লগতে তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমান্বয়ে দিপু কুমাৰ ডেকা,  ছৰফ্ৰাজ হক, মনজিৎ বৰকাকতী, সুশান্ত দত্ত, নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়া, সহকাৰী আয়ুক্তদ্বয়  নিলুৰাম শৰ্মা আৰু নিলাক্ষী ভূঞা প্ৰমুখ্যে জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰীসকলে কাৰ্য্যালয় চৌহদত  একোটাকৈ গছপুলি ৰোপণ কৰি পুলিটোৰ প্ৰতিপালনৰ  দায়িত্ব লয়
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment