মৈৰাবাৰীত সাংবাদিক গ্ৰেপ্তাৰৰ ঘটনাক কামৰূপ জাফা(ম)ৰ অসম আৰক্ষীক গৰিহনা

আজি কিছুদিন পূৰ্বে মৈৰাবাৰীত সংঘটিত হৈছিল নিৰ্লজ্জ-জঘন্য এক ঘটনা! ঘটনা অনুসৰি ব্ৰহ্মপুত্ৰৰ বালিচৰত ৪ যুৱক আৰু এগৰাকী কিশোৰীয়ে বনাইছিল সভ্য সমাজক লজ্জানত কৰা পৰ্ণ ভিডিঅ’। তাৰ পিছত সেই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাত সমাজসচেতন মহিলাসকলে মাত মাতিছিল  ঘটনাটোৰ বিৰুদ্ধে  আৰু থানাত এজাহাৰ দাখিল কৰিছিল সেই ৪ যুৱকৰ বিৰুদ্ধে। কিন্তু আচৰ্যজনক কথাটো এইটোৱে যে মৈৰাবাৰী আৰক্ষীয়ে সেই ৪ লম্পট যুৱকক গ্ৰেপ্তাৰ কৰাৰ বিপৰতে অশ্লীল ঘটনাটোৰ বিৰুদ্ধে সংবাদ পৰিবেশন কৰা দুই সাংবাদিক ক্ৰমে মুস্তাফিজুৰ আৰু নাছিদুৰকহে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। সেই অশ্লীল ঘটনাৰ বাতৰি পৰিবেশন কৰি পোহৰলৈ অনাৰ দোষত মৈৰাবাৰী আৰক্ষীয়ে যি সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত কৰিছে তাক  কামৰূপ  মহানগৰ জাফা সমিতিৰ সভাপতি অৱনী বৰুৱা আৰু সম্পাদক মিন্টু হাজৰিকাই তীব্র ভাষাৰে গৰিহনা দিয়াৰ লগতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত ক আহ্বান জনাইছে যাতে ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰে। তদুপৰি সভাপতি বৰুৱাই সাংবাদিক দুগৰাকীক শীঘ্ৰেই মুক্তি প্ৰদান কৰি গনতন্ত্রৰ চতুৰ্থ স্তম্ভৰ সাংবিধানিক মৰ্যদা অক্ষুণ্ণ ৰাখিবলৈ অসম আৰক্ষীক আহ্বান জনাই।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment