ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সাংগঠনিক সচিব গীতাৰ্থ গোস্বামীৰ ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ নতুন সদস্য সচিব হিচাপে দায়িত্ব গ্ৰহণ

গুৱাহাটী ৩০ জুলাই :
মুখমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ অতি বিশ্বস্ত বুলি পৰিচিত বিজেপিৰ যুৱ নেতা  তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সাংগঠনিক সচিব গীতাৰ্থ গোস্বামীয়ে আজি  ছাত্ৰ আৰু যুৱ কল্যাণ  পৰিষদৰ নতুন সদস্য সচিব হিচাপে  দায়িত্ব কৰে ।  
ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক  নিবেদন দাস পাটোৱাৰীৰ উপস্থিতিত এই দায়িত্ব গ্ৰহণ কৰে গীতাৰ্থ গোস্বামীয়ে।
দায়িত্ব গ্ৰহণ অনুষ্ঠানত জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি বিজেপি দলৰ বহু নেতা কৰ্মী আৰু শুভাকাংঙ্খী উপস্থিত আছিল ।
উল্লেখা যে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনতে এই সমিতিখন গঠন কৰা হৈছিল । আনহাতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইয়ো এই পদৰ দায়িত্বত থাকি নিজৰ ৰাজনৈতিক জীৱন উত্তোৰণ ঘটাইছিল । মুখ্য মন্ত্ৰী হিচাপে বৰ্তমানো এই সমিতি খনৰ‌ অধ্যক্ষৰ দায়িত্বত আছে হিমন্ত বিশ্ব শৰ্মা।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment