গোলাঘাটত পিতা-পুত্ৰলৈ দল সংগঠনৰ শ্ৰদ্ধাঞ্জলি


গোলাঘাট,২আগষ্ট: বিগত সময়চোৱাত সমগ্ৰ বিশ্বতে ক'ৰনা মহামাৰীয়ে বহুলোকৰে জীৱন লোৱাৰ কথা  সৰ্বৰ্জনবিদিত।  ২০২১ বর্ষৰ ২১জুলাই আৰু ৬আগষ্ট মাহত মাত্ৰ ষোল্ল দিনৰ ব্যৱধানত গোলাঘাটৰ মিছন পতি টেনপুৰৰ নিবাসী গোলাঘাটৰ  সমাজকৰ্মী, বিশিষ্ট ক্ৰীড়া সংগঠক অৰুণ কুমাৰ ফুকন আৰু তেওঁৰ অধিবক্তা পুত্ৰ  তাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা বেদান্ত কুমাৰ ফুকনৰ মৃত্যু হয়। গোলাঘাট চহৰৰ দুয়োগৰাকী জনপ্ৰিয় ব্যক্তিৰ মৃত্যুৱে চহৰবাসীক কান্দুৱাই ইহলীলা সম্বৰণ কৰা আজি এবছৰীয়া শ্ৰাদ্ধ অৰ্থাৎ টাই আহোম পৰম্পৰাৰে দাম ফী অনুষ্ঠান গোলাঘাট চহৰ আৰু দুয়োৰে জন্মস্থান গোলাঘাট পুলিবৰ  ভঙা গাঁৱত অনুষ্ঠিত কৰা হয়। উক্ত দাম ফী অনুষ্ঠানৰ লগত সংগতি ৰাখি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হয়। উল্লেখযোগ্য যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গোলাঘাট জিলা বীৰ লাচিত সেনা,গোলাঘাট জিলা  টাই আহোম ছাত্র সন্থা, গোলাঘাট জিলা টাই আহোম যুৱ পৰিষদ আদি ছাত্ৰ তথা যুৱ সংগঠনে মৃত দুয়োগৰকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জনায়।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment