উচ্চতম ন্যায়ালয়ৰ দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধৰ সিদ্ধান্তক আদৰণী ড° দিব্যজ্যোতি শইকীয়াৰ


নতুন দিল্লী,গুৱাহাটী,১১আগষ্ট: মঙলবাৰে উচ্চতম ন্যায়ালয়ে কৰদাতাৰ এক সৰ্বভাৰতীয় সংগঠন গঠনৰ বাবে এখন কমিটী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে, যিটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ হ’ব। যিখন চৰকাৰেই শাসন নকৰক কিয়, এই সংগঠনৰ অনুমোদন অবিহনে কোনো চৰকাৰে হিতাধিকাৰী সৃষ্টিৰ নামত বিবেকহীন কার্য কাৰ্যকৰী কৰিবলৈ দিয়া নহব বুলি মহামান্য উচ্চতম ন্যায়ালয়ে কয়। এতিয়াৰে পৰা বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া পানী, বিনামূলীয়া যিকোনো বস্তু বিতৰণ, ঋণ ৰেহাই ঘোষণা আদি কৰিব নোৱাৰিব। যিহেতু ধন, কৰ পৰিশোধৰ সৈতে জড়িত, গতিকে কৰদাতাসকলৰ ইয়াৰ ব্যৱহাৰ নিৰীক্ষণ কৰাৰ অধিকাৰ থাকিব লাগে। ভোটৰ বাবে বিনামূলীয়াকৈ বিতৰণ কৰি ৰাজনৈতিক দলসমূহে জনসাধাৰণক প্ৰলোভিত কৰি যাব, ই তেওঁলোকক উপকৃত নকৰে।যদি এই পৰিকল্পনা ঘোষণা কৰা হয়,তেন্তে চৰকাৰে প্ৰথমে নিজৰ ব্লুপ্ৰিণ্ট দিব লাগিব আৰু এই সংগঠনৰ পৰা সন্মতি ল'ব লাগিব। সাংসদ-বিধায়কৰ দৰমহা আৰু তেওঁলোকে লাভ কৰা অন্যান্য নিৰ্বিচাৰ সুবিধাৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য হ’ব লাগে। সংসদৰ কাম-কাজত ব্যাঘাত জন্মাবলৈ সাংসদ, বিধায়কক জবাবদিহি কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ অধিকাৰো কৰদাতাসকলৰ থাকিব লাগে।   আনহাতে, এই প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিন্তাবিদ, মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় যে ক্ষমতাত থকা ৰাজনৈতিক দলসমূহে কেৱল  ভোট বেংকৰ স্বাৰ্থত বিনামূলীয়াকৈ মানুহক বস্তু বিতৰণ কৰিছে। দল আৰু চৰকাৰৰ লক্ষ্য কেৱল হিতাধিকাৰী সৃষ্টি কৰা। ডঃ শইকীয়াই লগতে কয় যে সাধাৰণ খাটি খোৱা মানুহক  কৰ্ম সংস্কৃতিৰ বিপৰীতে এলেহুৱা আৰু দূৰ্ব্বল কৰি তোলা এই বিনামূলীয়া বিতৰণ ব্যৱস্থাটো বহু আগতেই বন্ধ হ’ব লাগিছিল। তেওঁ লগতে কয় যে এই ব্যৱস্থাই মানুহক অকামিলা বনাইছে। তেওঁলোকে সকলো বিনামূলীয়াকৈ পাব বিচাৰে। আগন্তুক ৩ৰ পৰা ৬ মাহৰ ভিতৰত যদি এই সন্দৰ্ভত কোনো পদক্ষেপ লোৱা নহয়, তেন্তে ভাৰত শ্ৰীলংকা হ’বলৈ বেছি সময় নালাগিব বুলি কেন্দ্ৰীয় চৰকাৰক ডঃ দিব্যজ্যোতি শইকীয়াই   সকীয়াই দিয়ে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment