উত্তৰ-পূবলৈ ভাল খবৰ ড০ দিব্যজ্যোতি শইকীয়ালৈ উৎকৃষ্ট নাগৰিক সেৱা সন্মানৰ লগতে দুটাকৈ বঁটা


নতুন দিল্লী,গুৱাহাটী:১৫আগষ্ট:

 আজি দেশৰ ৭৬তম স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ লগতে  আন্তৰ্জাতিক বাচকবনিয়া অগ্ৰণী সংস্থা সংগঠনে দেশ তথা সমাজৰ ভিন্ন ক্ষেত্ৰৰ সফল তথা  বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰীয়  বঁটা প্ৰদান কৰে। আন্তৰ্জাতিক মানৱধিকাৰ সংস্থা  "গ্লোবেল হিউমেন ৰাইটছ অৰ্গেনাইজেচন"য়ে অসমৰ বিশিষ্ট চিন্তাবিদ, প্ৰেৰণাত্মক বক্তা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ড০ দিব্যজ্যোতি শইকীয়াক "ভাৰতীয় উৎকৃষ্ট নাগৰিক সন্মান" বঁটাৰে সন্মানিত কৰাৰ লগতে ওবাচিছ ৱৰ্ল্ড ৰেকৰ্ড বুকচৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে "ইণ্ডিয়ান আইকন এৱাৰ্ড২০২২" 
উল্লেখযোগ্য যে  ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী  ড০ দিব্যজ্যোতি শইকীয়াই বিগত বাইছ বছৰে অসমৰ লগতে ভাৰত বর্ষৰ বিভিন্ন ৰাজ্যত অন্ধবিশ্বাস,ডাইনী কাণ্ড, সন্ত্ৰাসবাদ,ড্ৰাগছ আদিৰ বিৰুদ্ধে সংগ্ৰাম চলাই জ্ঞানলব্ধ গুণগত শিক্ষাৰ সজাগতাৰ মাধ্যমেৰে সংগ্ৰাম অব্যাহত ৰাখি শান্তি আৰু মানৱতাৰ হকে তথা তেওঁৰ এই নিৰলস সেৱাৰ বাবে  ইতিমধ্যে ভাৰত  চৰকাৰৰ দ্বাৰা স্বীকৃত "বাবু জগজীৱনৰাম স্মৃতি সন্মান"কে আদি কৰি এশ এঘাৰ তাতকৈ অধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা,সন্মান, চাৰিটাকৈ ৰাষ্ট্ৰীয় আৰু বিশ্ব ৰেকৰ্ড  লাভ কৰিছে। আনহাতে দেশৰ বিখ্যাত সংবাদ মাধ্যম  দ্যা উৱিক, আউৎলোক, তেহেলকা, দ্যা টাইমছ অফ ইণ্ডিয়া, হিন্দুস্থান টাইমছ, ইকনমিক টাইমছ, নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ লগতে আন্তৰ্জাতিক সংবাদ মাধ্যম  ইউ এছ এ টুডে, অলঝাঁজীৰা, গ্লোবেল প'ষ্ট বিশ্ববিখ্যাত টাইম মেগাজিন আদিয়ে ড০ দিব্যজ্যোতি শইকীয়াৰ কৰ্মৰাজিক ভূয়সী প্ৰশংসা কৰি আহিছে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment