বিশিষ্ট সমাজকৰ্মী জীবন চুতীয়ালৈ আদৰ্শ জননী আৰু অমৃত প্ৰবাহ কাকতৰ বিশেষ সন্মান - ২০২২ বঁটা


আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি, সাপ্তাহিক কাকত অমৃত প্ৰবাহ আৰু অমৃত নিউজৰ সহযোগত প্ৰতি বছৰে ১৫ আগষ্টৰ দিনটোত ৰাজ্যখনৰ এগৰাকী বিশিষ্টা নাৰীক আদৰ্শ জননী ৰাজ্যিক বঁটা প্ৰদান কৰা হয়। তদুপৰি অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ বৰ্ষপুৰ্তি উপলক্ষে ৰাজ্যখনৰ এজন বিশিষ্ট সাংবাদিকক অমৃত প্ৰবাহ বঁটা প্ৰদান কৰা হয়। সোমবাৰে কটন কলেজৰ এলুমিনি প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰদানৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ আগশাৰীৰ সমাজকৰ্মীসকল অন্যতম সৰুপথাৰ সমষ্টিৰ বিশিষ্ট যুৱ সমাজকৰ্মী জীৱন চুতীয়াক আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি সৌজন্যত আৰু  বিশেষ সন্মান - ২০২২ বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে ৰাজ্যখনৰ বহুকেইগৰাকী ব্যক্তিয়ে উক্ত অনুষ্ঠানৰ শোভা বৰ্ধন কৰে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment