গুৱাহাটী: ২২ অক্টোবৰ; দেশৰ সৰ্ববৃহৎ তথা আগশাৰীৰ শিক্ষানুষ্ঠান হল ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনল'জী ( আই আই টি)। এই আই আই টিৰে উত্তৰ গুৱাহাটীত অৱস্থিত আই আই টিতেই আগন্তুক২০২৩ বর্ষৰ বিখ্যাত অলচাৰিংগা অনুষ্ঠানৰ লগত সংগতি ৰাখি ২৩ অক্টোবৰ দেওবাৰে অনুষ্ঠিত কৰিব "ঐক্যম"নামৰ এক সাম্প্ৰদায়িক সদ্ভাৱনামূলক বিশেষ কার্যসূচী। উক্ত কাৰ্যসূচীত উপস্থিত থাকিব বিশিষ্ট চিন্তাবিদ, প্ৰেৰণাত্মক বক্তা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া। ভাৰতে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পিছতো দেশত সাম্প্ৰদায়িক সদভাৱৰ অভাৱ পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ গুৱাহাটীস্থ আই আই টিত অধ্যয়নৰত দেশ বিদেশৰ ছাত্ৰ সমাজে বিষয়টো অনুধাৱন কৰি "ঐক্যম" নামেৰে এক কাৰ্যসূচীৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে ডাইনী অন্ধবিশ্বাসৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি সংগ্ৰাম অব্যাহত ৰখা ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্জ্বলবলৈ সক্ষম হোৱা বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই ডাইনীকাণ্ড, অন্ধবিশ্বাস আদি কুসংস্কাৰ হ্ৰাস তথা নিয়ন্ত্ৰণ কৰাৰ লগতে উপযুক্ত শিক্ষামূলক সজাগতা অনুষ্ঠানৰ যোগেদি সাম্প্ৰদায়িক একতা, মানৱতা আৰু শান্তি স্থাপনৰ হেতু দেশ তথা মানৱ সমাজৰ হকে সেৱা আগবঢ়ায় আহিছে। ডঃ শইকীয়াৰ এনে উল্লেখযোগ্য সেৱাৰ বাবে আন্তৰ্জাতিক শান্তি বঁটাকে আদি কৰি শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। আনহাতে অলচাৰিঙগা অনুষ্ঠানৰ ঐক্যম কাৰ্যসূচীত ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে অসমৰ একমাত্ৰ কমাণ্ডু বেটেলিয়ানৰ কামাণ্ডেণ্ট আই পি এছ প্ৰতীক ভি থুবে, সাংবাদিক, হিন্দী দৈনিক পূৰ্ব্বোদয় কাকতৰ সম্পাদক ৰবি শংকৰ , আৰু বিশিষ্ট লেখক অৰূপ কুমাৰ দত্ত উপস্থিত থাকিব।
Home
ৰাজ্য
বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া উপস্থিত থাকিব গুৱাহাটীৰ আই আই টিৰ অলচাৰিংগাৰ ঐক্যমত
Subscribe to:
Post Comments
(
Atom
)
0 Comments:
Post a Comment