ৰাজনৈতিক মেৰপেছৰ অৱসান ঘটায় সাম্প্ৰদায়িক ঐক্যতা আনিব লাগিব : আই আই টিৰ কাৰ্যসূচীত ডঃ দিব্যজ্যোতি শইকীয়া


গুৱাহাটী: ২৪ অক্টোবৰ;  ২৩অক্টোবৰৰ  ৰাতি দেশৰ  আগশাৰীৰ  শিক্ষানুষ্ঠান  ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনল'জী চমুকৈ আই আই টিৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত   আগন্তুক ২০২৩ বর্ষৰ বিখ্যাত  অলচাৰিংগা অনুষ্ঠানৰ লগত সংগতি ৰাখি  দেওবাৰে  "ঐক্যম"নামৰ এক সাম্প্ৰদায়িক সদ্ভাৱনামূলক বিশেষ কার্যসূচী অনুষ্ঠিত হৈ যায়। উক্ত কাৰ্যসূচীত   পেনেলিষ্ট হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট চিন্তাবিদ,  প্ৰেৰণাত্মক বক্তা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ   মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া।  ভাৰতে  স্বাধীনতা লাভ কৰা ৭৫ বছৰ পিছতো  দেশত সাম্প্ৰদায়িক সদভাৱৰ অভাৱ পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ গুৱাহাটীস্থ আই আই টিত অধ্যয়নৰত দেশৰ ছাত্ৰ সমাজে বিষয়টো অনুধাৱন কৰি "ঐক্যম" নামেৰে এই সাম্প্ৰদায়িক সদ্ভাৱনা মূলক  কাৰ্যসূচীৰ আয়োজন কৰে। উল্লেখযোগ্য যে ডাইনী অন্ধবিশ্বাসৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি সংগ্ৰাম অব্যাহত ৰাখি  ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নাম উজ্বলাবলৈ সক্ষম হোৱা  বিশিষ্ট চিন্তাবিদ,প্ৰেৰণাত্মক বক্তা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া।
ডঃ শইকীয়াই  ডাইনীকাণ্ড, অন্ধবিশ্বাস আদি  কুসংস্কাৰ হ্ৰাস   তথা নিয়ন্ত্ৰণ কৰাৰ লগতে উপযুক্ত শিক্ষামূলক সজাগতা অনুষ্ঠানৰ যোগেদি সাম্প্ৰদায়িক একতা, মানৱতা আৰু শান্তি স্থাপনৰ হেতু দেশ তথা মানৱ সমাজৰ হকে সেৱা আগবঢ়ায় আহিছে। ডঃ শইকীয়াৰ এনে উল্লেখযোগ্য সেৱাৰ বাবে আন্তৰ্জাতিক শান্তি বঁটাকে আদি কৰি শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ঐক্যম কাৰ্যসূচীত  উপস্থিত হৈ ডঃ শইকীয়াই কয় যে প্ৰগতিৰ বাবে শান্তিৰ প্ৰয়োজন আৰু আন আন কাৰকৰ লগতে সাম্প্ৰদায়িক সদ্ভাৱনাৰ যোগেৰেহে ই সম্ভৱ। প্ৰকৃত গুণগত শিক্ষাৰ দ্বাৰাহে সাম্প্ৰদায়িক ঐক্যতা আনিব পৰা যায়। তেওঁ লগতে কয় যে ৰাজনৈতিক মেৰপেছৰ পৰা মুক্ত হৈ যুক্তিৰে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে থিয় দি শান্তি শৃংখলা বৰ্তাই সুস্থিৰ মানসিকতাৰে  সাম্প্ৰদায়িক একটা আনিব লাগিব।আনহাতে অলচাৰিঙগা অনুষ্ঠানৰ ঐক্যম কাৰ্যসূচীত ডঃ দিব্যজ্যোতি শইকীয়াৰ  উপৰি প্ৰখ্যাত লেখক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্ত , মণ্ডকাটাত অৱস্থিত কমাণ্ডু বেটেলিয়ানৰ কামাণ্ডেণ্ট  আই পি এছ প্ৰতীক ভি থুবে,  সাংবাদিক, হিন্দী দৈনিক পূৰ্ব্বোদয় কাকতৰ সম্পাদক ৰবি শংকৰ ৰবিয়ে ভাগ লয়। ৰাজনৈতিক মেৰপেছৰ পৰা নিজকে আঁতৰাই ৰাখি সুষ্ঠ মানসিকতাৰ জৰিয়তে সাম্প্ৰদায়িকতাবাদৰ অৱসান ঘটাব পৰা যাব বুলি কেউজন পেনেলিষ্টে পুনৰ   মতপোষণ কৰে। অনুষ্ঠানটোৰ আঁতধৰে পি টি আইৰ সাংবাদিক ট্ৰিদীপ লহকৰে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment