পঞ্জাৱত ভাৰতীয় যুক্তিবাদী এছ'চিয়েচনৰ ৰাষ্ট্ৰীয় অধিবেশনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ তথা যুক্তিবাদী কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া


বার্নালা, পঞ্জাৱ ,২৯ অক্টোবৰ: কেৱল চৰকাৰী চাকৰি আৰু জীৱন জীৱিকাৰ বাবে শিক্ষা প্ৰদান তথা গ্ৰহণ কৰাটো অনুচিত। জ্ঞান আৰ্জ্জনৰ বাবে শিক্ষা গ্ৰহণ কৰি দেশ তথা মানৱ সামাজৰ সামাজিক  বাতাবৰণ সঠিক ৰূপত ৰাখি  সুস্থ পৰিবেশ গঢ়া উচিত। জ্ঞানলব্ধ গুণগত প্ৰকৃত শিক্ষাৰ দ্বাৰাহে সমাজত মানৱতাবাদ প্ৰতিষ্ঠা হয় আৰু মানৱতাবাদী ধাৰাৰ দ্বাৰাহে শান্তি প্ৰতিষ্ঠা হ'ব। শান্তি হ'ল এখন দেশৰ প্ৰগতিৰ মূল আধাৰ। সেয়ে আমি  হিংসা, অন্ধবিশ্বাস, মানৱ অধিকাৰ উলংঘন কৰা কাৰ্য্য  ৰোধ  তথা পৰিত্যাগ  কৰি মানৱীয় দৃষ্টিকোন, মানৱ প্ৰেম  আৰু যুক্তিবাদী       মানসিকতাৰে সমাজক গঢ় দিব লাগিব।  এই বক্তব্য  অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুক্তিবাদী চিন্তাবিদ, অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ। আজি  পঞ্জাৱৰ বিখ্যাত তৰ্কশীল চ'ছাইটিৰ দ্বাৰা আয়োজিত বার্নালা চহৰৰ অন্তৰ্গত তৰ্কশিল  ভৱনত ফেডাৰেশ্বন অফ ইণ্ডিয়ান ৰেচন'লিষ্ট এছ'চিয়েছনৰ  দ্বাদশ  ৰাষ্ট্ৰীয় অধিবেশনৰ প্ৰথম দিনাৰ অনুষ্ঠানত ভাগলৈ বিশিষ্ট অতিথিৰ ভাষণত ডঃ শইকীয়াই উক্ত বক্তব্য আগবঢ়ায়। বহুকেইটা অন্ধবিশ্বাস বিৰোধী তথা যুক্তিবাদী  ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সংগঠনৰ মূল সংগঠন ফেডাৰেশ্বন অফ
ইণ্ডিয়ান ৰেষ্টন'লিষ্ট এছ'চিয়েছনৰ ৰাষ্ট্ৰীয় সভাপতি নৰেন্দ্ৰ নায়কৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট বিজ্ঞানী, পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ডঃ অৰ্ৱিন্দে। সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ব্ৰিটেইনৰ হিওমেনিষ্ট ইন্টাৰনেচনেলৰ কাৰ্যবাহী সদস্য  উত্তম নিৰুলাই। মুখ্য অতিথিৰ ভাষণত উপাচাৰ্য প্ৰফেছৰ,ডঃ অৰ্ৱিন্দে কয় যে বিজ্ঞান মানেই ন ন আবিষ্কাৰ আৰু নতুনত্ব। যুক্তিবাদী মনৰ মানুহেহে সমাজ পৰিবৰ্তন কৰিব পাৰে। তেওঁ বিজ্ঞান শিক্ষাৰ ওপৰত বিশেষ গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰায় পাঁচ শতাধিক যুক্তিবাদী কাৰ্যকৰ্তা তথা সমৰ্থকে অংশগ্ৰহণ কৰা  উক্ত কার্যসূচীত ছিক্কিমকে ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিনিধি হিচাপে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা যুক্তিবাদী চিন্তাবিদ, বিশিষ্ট সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই পুনৰ উনুকিয়াই যে   ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৫১এ (এইচ) এ  ভাৰতীয়সকলক মৌলিক অধিকাৰ দিয়াৰ লগতে অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মাতিবৰ বাবে  বিজ্ঞান শিক্ষাক অগ্ৰাধিকাৰ দিছে। যুক্তিৰে  মানৱতাবাদী চিন্তাধাৰাৰে আগুৱাই  কৰ্মৰ যোগেৰে শান্তি প্ৰতিষ্ঠাৰ বাবে অগ্ৰসৰ হবৰ বাবেও সংবিধানৰ এই অনুচ্ছেদে ভাৰতীয় সকলক অধিকাৰ আৰু  নিজ কৰ্তব্য পালনৰ বাবে দায়িত্ব প্ৰদান কৰিছে। সেয়ে আমি ভাৰতীয় সংবিধান প্ৰদত্ত অধিকাৰক সু-প্ৰয়োগ কৰিব লাগে বুলি উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডঃ দিব্যজ্যোতি শইকীয়াই মত পোষণ কৰে। উল্লেখযোগ্য যে ডঃ দিব্যজ্যোতি শইকীয়াই বিগত২৩ বছৰে বিভিন্ন সামাজিক কাম অব্যাহত ৰাখি অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত ডাইনীকাণ্ড ৰোধ আৰু অন্ধবিশ্বাস নিয়ন্ত্ৰণ তথা ৰোধ কৰাৰ হকে এটা  দশকতকৈ অধিককাল সংগ্ৰাম চলাই আহিছে। এনে মানৱীয় সংগ্ৰাম অব্যাহত ৰাখি অহা ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰবল  দাবীতেই  অসম চৰকাৰে ২০১৫ বৰ্ষত অসম  বিধান সভাত ডাইনী কাণ্ড ৰোধ তথা অন্ধবিশ্বাস বিৰোধী আইনৰ বিধেয়ক গৃহীত কৰে। পুনৰ  ডঃ দিব্যজ্যোতি শইকীয়াৰ তীব্ৰ হেঁচাৰ ফলত ২০১৫ বর্ষত গৃহীত বিধেয়ক খন ২০১৮ বর্ষত আইনত  বলৱত কৰা হয়। যিখন আইন  দেশৰ ভিতৰতে এখন কঠোৰ  আইন হিচাপে  পৰিগণিত। আজি ডঃ দিব্যজ্যোতি শইকীয়াই হিন্দী আৰু ইংৰাজীত অতি সাৱলীল ভাৱে প্ৰদান কৰা বলিষ্ঠ ভাষণে উপস্থিত দেশৰ পাঁচ শতাধিক অংশগ্ৰহণকাৰিক আপ্লুত কৰে। উপস্থিত অংশগ্ৰহণকাৰী সকলে ডঃ দিব্যজ্যোতি শইকীয়াৰ ভাষণৰ প্ৰতিশাৰীতে         জাউৰীয়ে  জাউৰীয়ে হাতচাপৰি বজোৱা পৰিলক্ষিত হয়। ডঃ শইকীয়াৰ যুক্তিপূৰ্ণ প্ৰেৰণাত্মক ভাষণক তৰ্কশীল চ'ছাইটিৰ জ'ছৱন্ত মহালি আৰু ফিৰাৰ সাধাৰণ সম্পাদক সুদেশ ঘূৰেৰাওৱে ভূয়সী প্ৰশংসা কৰি বিশেষ সম্বৰ্ধনা জনায়।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment