মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া, লখিমপুৰত চৰকাৰে সংস্থাপিত কৰা ১৫৩টা পৰিয়ালৰ হাহাকাৰ কাছডোবাত দুৰ্বিষহ জীৱন মন্ত্ৰী-সাংসদৰ প্ৰতিশ্ৰুতি অসাৰ

 লখিমপুৰ,  ৩১ অক্টোবৰঃ সোৱণশিৰিৰ গৰাখহনীয়াত ঘৰ-মাটি হেৰুওৱা লখিমপুৰৰ ডেৰ শতাধিক পৰিয়ালৰ আজিও বিলাই বিপত্তি ওৰ নপৰিল৷ ২০০৩ চনৰ পৰা সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিত ১২ বছৰ ধৰি আশ্ৰয় গ্ৰহণ কৰাৰ পিছত বহু যুঁজ বাগৰৰ অন্তত লখিমপুৰ জিলা প্ৰশাসনে যোৱা ২০১৯ বৰ্ষত লখিমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কাছডুবাত এই পৰিয়ালসমূহক সংস্থাপিত কৰে৷ গাইপতি ডেৰ কঠাকৈ ভূমি দানেৰে পৰিয়াল সমূহক কাছডুবাৰ পিতনি সদৃশ জলাশয়ত সংস্থাপিত কৰে যদিও এই পৰিয়ালসমূহৰ দুখ যাতনা আজিও আঁতৰ নহ’ল৷ ১৫৩টা পৰিয়ালে বসবাস কৰা এই গাঁওখনক ১নং হিন্দু গাঁও নামেৰে নামাংকিত কৰা হ’ল যদিও বৰ্তমান এই গাঁওখনে সকলো দিশতে জিয়াতু ভুগি আহিব লগা হৈছে৷ বাৰিষা-খৰালি পানীৰ মাজত আবদ্ধহৈ দিন অতিবাহিত কৰা এই পৰিয়ালসমূহে এতিয়া খোৱাপানী, স্বাস্থ্য, শিক্ষা, যাতায়াত আদি সৰ্বদিশত অৱহেলিত হৈ আহিছে৷ বাট পথৰ চিন মোকাম নোহোৱা এই গাঁওখনত প্ৰশাসনে কেৱল মানুহক সংস্থাপনহে দিলে ইয়াৰ বিপৰীতে কোনো চৰকাৰী আঁচনি ব্যৱস্থা কৰা নহ’ল৷ যাৰবাবে এতিয়া গাঁওবাসীয়ে ভীষণ সমস্যাৰ মাজেৰে দুৰ্বিষহ জীৱন কটাইছে৷ গাঁওখনত যি এখন প্ৰাথমিক বিদ্যালয়, এটা অংগনৱাড়ী কেন্দ্ৰ আছে সেইয়াও তথৈবচ৷ এজাক বৰষুণতে বিদ্যালয়খন বন্ধ হৈ পৰে৷ একেদৰে খোৱাপানী যোগানৰ বাবে যি এখন আঁচনি পঞ্চায়তৰ জৰিয়তে স্থাপন কৰিছিল তাৰপৰাও কোনো সুফল নাপালে৷ এনেদৰে নানান সমস্যাৰে ভাৰাক্ৰান্ত এলেকাত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বৰ্তমানৰ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক মানৱ ডেকাই সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সেই স্থানলৈ গৈ উক্ত গাঁওখনক আদৰ্শ গাঁৱলৈ ৰূপান্তিৰত কৰি উন্নত কৰা হ’ব বুলি ৰাইজক আশ্বাস দিছিল যদিও সেইয়া আজিও কাৰ্যকৰী নহ’ল৷ পৰিতাপৰ কথা লখিমপুৰ নগৰৰ নিচেই সমীপৰ চৰকাৰে সংস্থাপিত কৰা এই গাঁওখনলৈ যাবলৈ হলে এতিয়া তিনি চাৰিটাকৈ জানৰ ওপৰত থকা ভগ্ন বাহৰ দলঙেৰে পাৰাপাৰ হ’ব লাগে৷ সংস্থাপনৰ ইমান বছৰ হোৱা এই গাঁওখনে উন্নয়নৰ মুখ নেদেখাত গাঁওবাসীয়ে চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰিছে৷ এই সন্দৰ্ভত আজি চণ্ডীগড়ৰ পৰা সাংবাদিকৰে  হোৱা এক টেলিফ'ণিক বাৰ্তাত  অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই প্ৰতিক্ৰিয়া প্রকাশ কৰি কয় যে ৰাজ্য চৰকাৰে মানৱ অধিকাৰ উলঙ্ঘন কৰিছে। চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক আদিয়ে কেৱল ভোটৰ আশাত  সাধাৰণ জনতাক দীর্ঘদিন ধৰি প্ৰতাৰণা কৰি আহিছে। ডঃ দিব্যজ্যোতি শইকীয়াই লখিমপুৰ জিলাৰ উক্ত লোক সকলৰ লগতে  ৰাজ্যৰ  বান খহনীয়াত সর্বসান্ত হোৱা প্ৰতিটো পৰিয়ালকে  শীঘ্ৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment