ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ অপ্ৰতিৰোধ্য আৰু অবিৰত জয়যাত্ৰা অব্যাহত

গুৱাহাটী, ১০ নৱেম্বৰ :

 ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই সদ্য ঘোষিত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজয় লাভ কৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। এক বিবৃতিত কলিতাই কয়, দেশৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ডাবোল ইঞ্জিনৰ চৰকাৰখনৰ প্ৰতি দেউৰী পৰিষদীয় সমষ্টিৰ ৰাইজে সমষ্টিৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থত বিপুল সংখ্যক সমৰ্থন প্ৰদান কৰি  মিত্ৰজোঁটৰ চৰকাৰখনৰ লগতে প্ৰাৰ্থী কেইজনক যি মৰম আৰু সমৰ্থন আগবঢ়ালে তাৰ বাবে দেউৰী পৰিষদীয় সমষ্টিৰ সকলো ৰাইজক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। 

এই অভূতপূৰ্ব সফলতাৰ বাবে ৰাজ্যিক সভাপতি গৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী  ৰামেশ্বৰ তেলী ,অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক, সাংসদসকল, মিত্ৰদল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়া সকল, বিভিন্ন মৰ্চাৰ বিষয় ববীয়া সকল, মিত্ৰদল অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আৰু  ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ শ্ৰদ্ধাৰ দলীয় কাৰ্যকর্তা সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। 

তেঁও কয় যে দলীয় কাৰ্যকৰ্তাৰ অশেষ কষ্ট, সততা আৰু দায়বদ্ধতাৰ ফল স্বৰূপে এই বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছো।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment