অসম তথা দেশলৈ সুখবৰ ডঃ দিব্যজ্যোতি শইকীয়াক আন্তৰাষ্ট্ৰীয় বিশ্ব সংবিধান সাংসদ বঁটা

মুম্বাই,৪ ডিচেম্বৰ:  ৩ডিচেম্বৰৰ বিয়লি মহাৰাষ্ট্ৰৰ সিৰড্ডীৰ সমীপৰ শ্ৰী ৰামপুৰত বিশ্ব সংবিধান সাংসদ সংস্থাৰ এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বিশ্ব সংবিধান সাংসদ সংস্থাৰ গ্লোবেল সভাপতি প্ৰফেছৰ ডঃ  গ্লেন টি মাৰ্টিনে  অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক বিশ্ব সংবিধান সাংসদ আন্তৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। ডঃ শইকীয়াক মানৱ অধিকাৰ, মানৱতা আৰু শান্তিৰ হকে বিগত একুৰী চাৰি বছৰে মানৱ সমাজৰ হকে আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে এই বঁটা প্ৰদান কৰে বুলি ডঃ গ্লেন টি মাৰ্টিনে বঁটা প্ৰদান কৰি দিয়া ভাষণত উল্লেখ কৰে। বঁটাত  সংস্থাৰ স্মাৰক, চল, চাৰ্টিফিকেট আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হয়। আনহাতে উক্ত আন্তৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰি ডঃ দিব্যজ্যোতি শইকীয়াই নিজৰ ভাষণত কয় যে বিশ্বৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰৰ ভাষাক ৰাষ্ট্ৰ সংঘই স্বীকৃতি প্ৰদান কৰিছে আনহাতে  পৃথিৱীৰ ভিন ভিন ৰাষ্ট্ৰত হিন্দী ভাষা প্ৰচলিত যদিও  হিন্দী ভাষাক ৰাষ্ট্ৰ সংঘই স্বীকৃতি প্ৰদান কৰা নাই। সেয়ে ডঃ মাৰ্টিনে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উচিত। তেওঁ লগতে কয় যে বৰ্তমান সময়ত বিশ্বৰ আন একাংশ ৰাষ্ট্ৰৰ লগতে ভাৰতত বাক স্বাধীনতা খৰ্ব হৈছে। ইফালে আধুনিক সভ্য বিশ্ববাসীৰ বাবে পৰমাণু ক্ষেপনাস্ত্ৰ, বোমা, যুদ্ধ আদি বিষয়ে শোভা নাপায়ই বুলি মানৱধিকাৰ তথা শান্তি কৰ্মী গৰাকীয়ে উল্লেখ কৰে।ডঃ দিব্যজ্যোতি শইকীয়াৰ বক্তব্যক ডঃ মাৰ্টিনে প্ৰশংসা কৰি যুদ্ধ বিৰোধী বক্তব্য আগবঢ়ায়। একুৰী চাৰি বছৰ ধৰি মানৱ জাতিৰ বাবে বিভিন্ন সেৱাৰ লগতে শেহতীয়াকৈ কোভিড কালত আগবঢ়োৱা উল্লেখযোগ্য সেৱাৰ উপৰি অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ন্যায়ালয়ক ভেঙুচালি কৰি আৰক্ষীৰ দ্বাৰা ভুৱা সংঘৰ্ষৰ নামত চলোৱা হত্যা লীলাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰাৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সোচ্চাৰ হৈ এনে বহু ভুৱা এনকান্টাৰ বন্ধ কৰিবলৈ সক্ষম হোৱাটো ডঃ শইকীয়াৰ উল্লেখযোগ্য দিশ। উল্লেখযোগ্যযে ডঃ দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে  বাবু জীৱনৰাম ৰাষ্ট্ৰীয় স্মাৰক বঁটা, সন্ত গাৰ্গে বাবা ৰাষ্ট্ৰীয় বঁটা, লেডীফী লিদাৰশ্বিপ ৰাষ্ট্ৰীয় বঁটা, ডঃ আব্দুল কালাম ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বঁটা এম টি টিভি মেডিয়া বঁটা আদি ৰাষ্ট্ৰীয়  আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ মুঠ এশ একুৰীকৈ অধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত অন্ধবিশ্বাস তথা  ডাইনী কাণ্ড বিৰোধী আৰু ড্ৰাগছৰ বিৰুদ্ধে  সজাগতা অভিযান চলোৱাৰ লগতে বহু নির্যাত্তিতক চিকিৎসা প্ৰদান কৰি অহাৰ লগতে নিৰ্যাতনৰ সন্মুখীন হোৱা অসংখ্য পৰিয়ালক বিভিন্ন ধৰনে সহায় কৰি আহিছে। উক্ত অনুষ্ঠানত ডঃ দিব্যজ্যোতি শইকীয়াই ডঃ গ্লেন টি মাৰ্টিন, মিছেছ ফিলিছ তুৰ্ক আদি আমেৰিকাৰ নাগৰিকক ফুলাম গামোচা,চাহ,এশিঙীয়া গঁড়ৰ স্মাৰক আদি প্ৰদানেৰে অভিনন্দন জনায়।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment