১৭ ডিচেম্বৰ,গুৱাহাটী: "দেইলি টাইম অসম" নামৰ নিউজ পৰ্টেলটিয়ে ১৬ ডিচেম্বৰত তৃতীয় বৰ্ষত পর্দাপন কৰে। এই উপলক্ষে শুকুৰবাৰে শংকৰদেৱ কলাক্ষেত্ৰত দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান উলহ মালহেৰে উদযাপন কৰা হয়। দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতিৰাখি নিউজ পৰ্টেলতিৰ তৰফৰ পৰা অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক বিশেষ সন্মান তথা সম্বৰ্ধনা প্ৰদান কৰা হয়। অসমীয়া চলচ্চিত্ৰ জগতৰ জ্যেষ্ঠ যশস্বী অভিনেত্ৰী মৃদুলা বৰুৱা, আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া, আন্তৰ্জাতিক খেলুৱৈ অসমৰ স্বৰ্নকন্যা খ্যাত নয়নমণি শইকীয়া, প্ৰখ্যাত জ্যেষ্ঠ সাংবাদিক তথা প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুকে আদি কৰি কেইবগৰাকীও বিশিষ্ট ব্যক্তিক ফুলৰ থোপা পাতৰ ফুলাম গামোচা জাপি স্মাৰক সন্মান পত্ৰ আদিৰে বিশেষ সন্মান তথা সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত সাংবাদিক প্ৰশান্ত ৰাজগুৰু, বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া, এপিএচিৰ প্ৰাক্তন অধ্যক্ষ অমিয় বৰা আদিয়ে তত্ত্বগধুৰ ভাষণ আগবঢ়ায়। প্ৰশান্ত ৰাজগুৰু আৰু ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে বৃহৎ বৃহৎ সংবাদ মাধ্যম তথা টেলিভিছন চেনেলৰ তুলনাত নিউজ পৰ্টেলে জনতাৰ স্বাৰ্থত চৰকাৰৰ অপকৰ্মক উদঙাই দেখুৱাইছে। আনহাতে একাংশ নৱপ্ৰজন্মৰ সংবাদ কৰ্মীৰ অধ্যয়নৰ অভাৱ বুলিও উল্লেখ কৰে।
উক্ত অনুষ্ঠানটিতে ৰিদিপ কলিতা, আৰ্চ্ছাদ ৰহমান বৰা, আদিকে ধৰি বহু কেইজন সাংবাদিককও সম্বৰ্ধনা জনোৱা হয়।
0 Comments:
Post a Comment