বাল্য বিবাহক লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু আৰক্ষীৰ কাৰ্যক ককৰ্থনা গুৱাহাটী
উচ্চ ন্যায়ালয়ৰ
বাল্য বিবাহৰ ৰাজ্যজুৰি সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰে অসম
আৰক্ষীয়ে। নিশাৰ ভিতৰতে চাৰি সহস্ৰাধিক গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে
বালা বিবাহৰ বিৰুদ্ধে অভিযান। কিন্তু এনে গ্রেপ্তাৰৰ নামত চৰকাৰ, আৰক্ষীয়ে সংঘটিত
কৰা আজব কাও উন্মোচিত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত। আনকি বাল্য বিবাহ
বিৰোধী অভিযানৰ নামত আৰক্ষীয়ে সংঘটিত কৰা কাণ্ডত ক্ষুব্ধ আদালতে চৰকাৰী পক্ষক
ককৰ্থনা কৰি কয়- 'আপোনালোকে মানুহৰ ব্যক্তিগত জীবনলৈ কিয় অশান্তি নমাই আনিছে।
সকলোৰে ল'ৰা-ছোৱালী, পৰিয়াল, বয়সিয়াল মানুহ আছে। এয়া ভাল ধাৰণা নহয়, বেয়া
ধাৰণা। যদি বাল্য বিবাহৰ ঘটনা ঘটিছে, সেইক্ষেত্রত আইনে নিজৰ পথ ল'ব, আমাৰ ক'ব লগা
একো নাই। বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কেইবাজনো অভিযুক্তৰ জামীন আবেদনৰ
শুনানিকালত মঙলবাৰে এইদৰে চৰকাৰ আৰক্ষীক তীব্র সমালোচনা কৰে উচ্চ ন্যায়ালয়ে।
উল্লেখযোগ্য যে বল্য বিবাহ বিৰোধী অভিযানৰ অংশ হিচাপে অভয়াপুৰী থানাত ৩৯/২০২৩
নম্বৰৰ গোচৰটোত সাজাহান আলীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। যোৱা ৪ ফেব্ৰুৱাৰীত আলীক
গ্ৰেস্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। এই গোচৰত জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ
দ্বাৰস্থ হয় চাহজাহান আলী। অভিযুক্তৰ হৈ যুক্তি প্রদর্শন কৰি জ্যেষ্ঠ অধিবক্তা
হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয় যে- এজাহাৰ পঞ্জীয়ন হৈছিল ২ ফেব্ৰুৱাৰীত।
অভিযুক্তক গ্ৰেপ্তাৰ কৰি ৪ ফেব্ৰুৱাৰীত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। এজাহাৰ মতে উক্ত
বিবাহখন সম্পন্ন হৈছিল ২০২১ চনতে। কিন্তু ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ কোনো
লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। অনুপৰি আৰক্ষীয়ে আদালতত দাখিল কৰা আবেদন পত্ৰত
অভিযুক্তক হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কেৰা বুলি উল্লেখ কৰিছে। অর্থাৎ ২০২১ চনত
বিবাহ সম্পন্ন হৈছিল আৰু আৰক্ষীয়ে ২০২৩ চনত হাতে- লোটে ধৰা বুলি দিয়া আজব যুক্তি
আদালতৰ দৃষ্টিগোচৰ কৰে চৌধুৰীয়ে। ইয়াৰ পিচতে আদালতে অসম চৰকাৰৰ লোক অধিবক্তাক
উদ্দেশ্য কৰি কয়— 'যদি চার্জফ্ৰেম হয়, তেন্তে বিচাৰ প্রক্রিয়া আৰম্ভ হোৱাটো অন্য
এটা বিষয়। কিন্তু এই সকল লোকক গ্ৰেপ্তাৰ কৰি আপোনালোকে কি উলিয়াব বিচাৰিছে। মূল
কথাটো হৈছে অভিযুক্তই বাল্য বিবাহৰ বাবে প্রৰোচিত কৰিছিল নে নাই? অথবা গোচৰটো বাল্য
বিবাহৰ হয় নে নহয়। এনে সময়ত গ্ৰেপ্তাৰ কৰি জিম্মাত সোধা-পোছা কৰাৰ প্ৰয়োজনীয়তা
কি? এনে ধাৰণাৰ আঁৰত আপোনালোকৰ কি আছে?' আদালতৰ এনে প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ লোক
অধিবক্তাগৰাকীয়ে কেছ ডায়েৰীত কি আছে, মই নাজানো। কিন্তু কোৱা হৈছে অভিযুক্তক হাতে
লোটে ধৰা হৈছে। সম্ভবতঃ অভিযুক্তই বিবাহ কার্য সম্পন্ন কৰিছিল। কিন্তু লগে লগে
অভিযুক্ত পক্ষৰ অধিবক্তাই প্রত্যুতৰ নি কয় বিয়াখন হৈছিল ২০২১ চনত। এনে প্ৰেক্ষাপটত
এতিয়াহে কেনেকৈ অভিযুক্তক হাতে-লোটে আৰক্ষীয়ে ধৰিলে? উভয় পক্ষৰ মাজত হোৱা
যুক্তি-তৰ্কৰ অন্তত ক্ষুব্ধ আদালতে কেছ ডায়েৰী নোহোৱাকৈয়ে অভিযুক্ত ছাহজাহান আলীৰ
জামিন মঞ্জুৰ কৰে। আনহাতে উচ্চ ন্যায়ালয়ে বাল্য বিবাহ সম্পর্কীয় গোচৰত গ্ৰেপ্তাৰ
হোৱা আন কেইবাজনো অভিযুক্তৰ জামিন আবেদনৰ শুনানি লৈ চৰকাৰ, আৰক্ষীক সমালোচনা কৰে।
অভিযুক্ত কেইজনক অন্তর্বর্তীকালীন জামিন প্রদান কৰি শুনানি কালত মহামান্য
বিচাৰপতিয়ে মৌখিকভাৱে কয়— 'আইন ভংগ কৰি যদি বিবাহ সম্পন্ন হৈছে, তেন্তে আইনে নিজৰ
পথ ল'ব। এই ঘটনা বিলাক আগৰ পৰাই হৈ আহিছে। আমি অভিযুক্তক গ্ৰেপ্তাৰ কৰি জিম্মাত
সোধা-পোছা কৰাৰ তাৎক্ষণিক প্ৰয়োজনীয়তা আছে নে নাই, সেয়াহে বিবেচনা কৰিছো। এই
সময়ত আদালতে ভাবিছে যে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জিম্মাত সোধা-পোছা কৰাৰ এয়া বিষয়
নহয়। আমি ভাষ্য লিপিবদ্ধ কৰাৰ বাবে অভিযুক্তক আৰক্ষীৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশ
দিম। এয়া কোনো ড্ৰাগছ, স্মাগলিং আৰু চুৰি সামগ্ৰীৰ গোচৰ নহয়।' শুনানি কালত চৰকাৰী
পক্ষই গোচৰত পকছ'ৰ দৰে গুৰুতৰ ধাৰা সন্নিৱিষ্ট হৈ থকাটো আদালতৰ দৃষ্টিগোচৰ কৰাৰ
চেষ্টা চলায়। কিন্তু এনে যুক্তিত ক্ষুব্ধহে হৈ পৰে উচ্চ ন্যায়ালয়ৰ মহামান্য
ন্যায়াধীশ। এই সন্দৰ্ভত শুনানি কালত মৌখিকভাৱে বিচাৰপতিগৰাকীয়ে আৰু কয় — ইয়াত
পকছ কি? পকছ' যোগ কৰাটোৱে এইটো নুবুজায় যে তাত কি আছে সেয়া ন্যায়াধীশে দেখা নাই।
আমি কাকো দোষমুক্ত কৰা নাই। আপোনালোকক তদন্ত কৰাত কোনোৱে বাধা দিয়া নাই।' বাল্য
বিবাহ সম্পৰ্কীয় গোচৰৰ জামিন আবেদনৰ শুনানি কালতে আদালতে জ্যেষ্ঠ অধিবক্তা অংশুমান
বৰাৰো মতামত গ্রহণ কৰে। গোচৰসমূহৰ সংক্ৰান্তত জ্যেষ্ঠ অধিবক্তা বৰাই কয়—
'অভিযুক্তসকল দুর্ধর্ষ অপৰাধী নহয়। গোচৰত দোষ প্ৰমাণ হ'লে দুবছৰ কাৰাদণ্ড হ'ব পাৰে
বা জৰিমনা হ'ব পাৰে। আৰক্ষীয়ে চার্জশ্বিট দাখিল কৰক আৰু আদালতে আইনৰ অধীনত
সিদ্ধান্ত ল'ব। ইয়াৰ পিচত ন্যায়ালয়ে পুনৰ কয়— 'এয়া কাষ্টডিয়েল ইণ্ট্ৰ'গেচনৰ
বিষয় নহয়। আপোনালোকে আইনমতে আগবাঢ়ক, চার্জশিট দাখিল কৰক, যদি দোষী হয়, দোষী
সাব্যস্ত হ'ব। আপোনালোকে মানুহৰ ব্যক্তিগত জীৱনত কিয় অশান্তি কৰিছে, সকলোৰে
পৰিয়াল আছে, বয়সিয়াল লোক আছে।” এনেদৰে মন্তব্য, পর্যাবেক্ষণ আগবঢ়োৱাৰ পিচত
আদালতে বহুকেইজন অভিযুক্তৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে।
0 Comments:
Post a Comment