প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা আন্তৰাষ্ট্ৰীয় ব্যৱসায়ী হাজী আব্দুৰ ৰৌফ চৌধুৰীৰ জীৱনীমূলক গ্ৰন্থ "ব্যক্তি আৰু ব্যক্তিত্ব" দেওবাৰে গুৱাহাটী মহানগৰ স্থিত হোটেল গেইটৱে গ্ৰেণ্ডডিউৰ সভাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয়।গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিৰ আত ধৰে জনপ্ৰিয় কবি, লেখক তথা গ্ৰন্থখনৰ সম্পাদক অধ্যাপক ৰাজিৱ হোছেইনে। উক্ত উন্মোচনী অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা শতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিত গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ আইনজীবী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে। লগতে উপস্থিতথকা বিশিষ্ট ব্যক্তিসকলে গ্ৰন্থখনৰ উন্মোচত সহযোগ কৰে। গ্ৰন্থখন উন্মোচনৰ অন্তত গ্ৰন্থখনৰ মধ্যমনি হাজী আব্দুৰ ৰৌফ চৌধুৰীৰ জীৱন দৰ্শন আৰু কৰ্মৰাজি সম্পৰ্কে আলোকপাত কৰে ক্ৰমে অধ্যাপক আব্দুল মান্নান, প্ৰাক্তন মন্ত্ৰী আবু ছালেহ নিজামুদ্দিন, অসম প্ৰদেশ কংগ্রেছৰ মূখপাত্ৰ মেহদী আলম বৰা, প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা, বিশিষ্ট সমাজ কৰ্মী মুন চৌধুৰী, জেষ্ঠ সাংবাদিক ছাহজাহান তালুকদাৰ, হুজাইৰ বিশিষ্ট সমাজ সেৱক গজেন হাজৰিকা, অসম জাতীয় পৰিষদৰ মুখপাত্র জিয়াউৰ ৰহমানৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানখনত হাজী আব্দুৰ ৰৌফ চৌধুৰীৰ সহধৰ্মিনী তথা গ্ৰন্থখনৰ প্ৰকাশক ফাৰহানা ৰৌফ চৌধুৰীক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। গ্ৰন্থ খনৰ উন্মোচক হাফিজ ৰছিদ আহমেদ চৌধুৰীৰে নিজৰ বক্তব্যত হাজী আব্দুৰ ৰৌফ চৌধুৰীক এগৰাকী দূৰ্নীতি বিৰোধী, সাহসী আৰু এগৰাকী আদৰ্শ ৰাজনীতিবিদ হিচাপে আখ্যায়িত কৰে। সুদীৰ্ঘ ১৯ বছৰৰ সাধনাৰ অন্তত নিজৰ ব্যক্তিগত, ৰাজনৈতিক, আৰ্থ-সামাজিক, ব্যৱসায়িক আদি সকলো দিশ সামৰি গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰে হাজী আব্দুৰ ৰৌফ চৌধুৰীয়ে। লগতে আজিৰ প্ৰচলিত ৰাজনীতিত আদৰ্শ, নৈতিকতা, মানৱতা, প্ৰমূল্যবোধৰ অভাৱ হোৱা বুলি আক্ষেপ প্ৰকাশ কৰে। উক্ত উন্মোচনী অনুষ্ঠানতে কেইবাজনো বক্তাই নিজৰ বক্তব্যত অসমৰ সামাজিক শান্তি-সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত একাংশ সংখ্যালঘুয়ে কৰা বিচ্ছিন্নতাবাদী ৰাজনৈতিক চিন্তাক পৰিহাৰ কৰা প্ৰয়োজন বুলি অতি তাত্পৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।
গুৱাহাটীৰ পৰা পাৰভেজ মাৰুফৰ ৰিপৰ্ট- সংবাদ
প্ৰহৰী
0 Comments:
Post a Comment