মাৰ্ঘেৰিটাত চোৰে টোপনি কাঢ়িছে সাধাৰণ জনতাৰ


মাৰ্ঘেৰিটা ২৪ জুনঃ তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটাত নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ।মাৰ্ঘেৰিটা আৰক্ষীৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত সঘনাই সংঘটিত হৈ থকা চুৰি ঘটনাই নিশা নিদ্ৰা হৰণ কৰিছে সাধাৰণ জনতাৰ। অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসী।প্ৰতি নিশাই যেন সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। চোৰৰ হাতোৰা পৰা এইবাৰ সাৰি যোৱা নাই অঞ্চলটোৰ মঠ মন্দিৰসমূহো।মাৰ্ঘেৰিটা স্থিত উজনি অসমৰ সৰ্ববৃহৎ গনেশ মন্দিৰত আজি যোৱা নিশা চোৰে চলালে চাফাই অভিযান।নিশা চোৰে মন্দিৰৰ দানপাত্ৰ লৈ উধাও হয়।পুৱা পুৰোহিতে এই বিষয়ে জানিব পাৰি মাৰ্ঘেৰিটা আৰক্ষীক খৱৰ দিয়াত আৰক্ষীৰ লোক মন্দিৰত উপস্থিত হৈ চুৰিকাণ্ডৰ তদন্ত আৰম্ভ কৰে।অৱশ্যে বৰ্তমানলৈকে উক্ত চুৰিকাণ্ডৰ লগত জড়িত কোনো লোককে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই।অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে মন্দিৰৰ চুৰি কাৰ্য ঘটনাক লৈ উদিগ্ন হৈ পৰিছে। এই চুৰিকাণ্ডৰ লগত জড়িত দোষিক কৰায়ক্ত কৰি উচ্চিত শাস্তি বিহিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment