লখিমপুৰ, ২জুলাই; বহু সময়ত ৰাজনৈতিক নেতা তথা সামাজিক নেতা সকলে কৃষি বিপ্লৱ অথবা সেউজ বিপ্লৱৰ কথা কয়। কিন্তু তেওঁলোকৰ কথা আৰু কামৰ মাজত কোনো মিল থকা দেখা নাযায় যদিও ইয়াৰে খুব কম সংখ্যক নেতাইহে কথা আৰু কামৰ মাজেৰে দেশ তথা সমাজলৈ সু-বাৰ্তা প্ৰেৰণ কৰি আহিছে।
অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ নৱ প্ৰজন্ম বা যুৱ প্ৰজন্মৰ কৃষিৰ প্ৰতি আগ্ৰহ দেখা নাযায়। মই দীৰ্ঘদিন ধৰি চৰকাৰী পক্ষক সকীয়াই আহিছোঁ যে চিকিৎসক ইঞ্জিনীয়াৰকে আদি কৰি বিভিন্ন প্ৰফেচনেল ব্যক্তিৰ তুলনাত সকলোৰে বাবে কৃষকৰ অৱদান অপৰিহাৰ্য। নৱপ্ৰজন্মই সু শিক্ষিত হৈ কৃষি কাৰ্যক আগুৱাই নিব লাগে। এই বক্তব্য অসমৰ সু সন্তান শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বঁটাৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰেৰণাত্মক বক্তা,ৰাষ্ট্ৰীয় মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ। আজি লাক্ষীমপুৰ জিলাৰ ফুলবাৰীৰ নিজ কৃষি ভূমিত ট্ৰেক্টৰেৰে ডঃ শইকীয়াই নিজে কৃষি ভূমি চহোৱা কালত তেওঁ মনৰ ভাব
ব্যক্ত কৰে। উল্লেখযোগ্য যে বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংগঠন আৰু সংস্থাৰ বিষয় ববীয়া অসম সত্ৰ মহাসভাৰ যুৱ সংগঠন সমন্বিত যুৱ তীৰ্থৰ প্ৰতিষ্ঠাপক, বৰ্তমানৰ মুখ্য উপদেষ্টা, টিম আন্নাৰ ৰাষ্ট্ৰীয় ক'ৰ কমিটিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সদস্য ডঃ দিব্যজ্যোতি শইকীয়াই নৱপ্ৰজন্মক আদৰ্শ দেখুৱাই কৃষি কাৰ্যত জড়িত হোৱাৰ বাবে তেলেংগানৰ মুখ্যমন্ত্ৰী কে চি আৰ, এছিয়া মহাদেশৰ প্ৰখ্যাত সমাজ কৰ্মী আন্না হাজাৰেকে আদিকে ধৰি দেশৰ বহু কৃষক নেতাই ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰণাত্মক কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে।

0 Comments:
Post a Comment