মণিপুৰৰ মানৱ সমাজক লজ্জানত কৰা ঘটনাৰ প্ৰতিবাদত ৰাজীৱ ভৱনৰ সন্মূখত গুৱাহাটী মহানগৰ জিলা মহিলা কংগ্ৰেছৰ বিক্ষোভ প্ৰদৰ্শন
গুৱাহাটী,২১ জুলাইঃ দেশবাসীক লজ্জানত কৰা মণিপুৰ কাণ্ডক লৈ শুকুৰবাৰে কংগ্ৰেছ দলে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে। মণিপুৰত দুগৰাকী মহিলাক নগ্ন কৰি ৰাজপথত পেৰেড কৰোৱাৰ বৰ্বৰ ঘটনাই দেশজোৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দীৰ্ঘদিন ধৰি জ্বলি থকা মণিপুৰক শান্ত কৰাৰ বাবে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ প্ৰতিবাদমুখৰ হৈ পৰিছে বিভিন্ন দল-সংগঠন। শুকুৰবাৰে মণিপুৰৰ মানৱ সমাজক লজ্জানত কৰা ঘটনাৰ প্ৰতিবাদত ৰাজীৱ ভৱনৰ সন্মূখত গুৱাহাটী মহানগৰ জিলা মহিলা কংগ্ৰেছে বিক্ষোভ প্ৰদৰ্শন কৰে। গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভানেত্রী গীতালী দাস কয় যে মণিপুৰত কুকি সম্প্ৰদায় দুগৰাকী মহিলাক একাংশ লোকে উলংগ কৰি পেৰেড কৰোৱাৰ লগতে ধৰ্ষণ কৰি ভাৰতবৰ্ষৰ নাৰী সমাজক লজ্জিত কৰাৰ লগতে বিশ্বত ভাৰতবৰ্ষক লজ্জিত কৰিলে। তাৰ প্ৰতিবাদত আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। ঘটনাৰ নিন্দা কৰি আৰু দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদীকাৰী সকলে ৰাজপথ উত্তাল কৰি তোলে। ইফালে প্ৰতিবাদকাৰী সকলক ৰাজপথলৈ ওলাই অহাৰ ক্ষেত্রত আৰক্ষীয়ে বাধা প্ৰদান কৰে। বেৰিকেট দি প্ৰতিবাদীকাৰী সকলক বাধা প্ৰদান কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছে মণিপুৰত ৰাষ্ট্ৰপতি শাসন দাবী কৰাৰ লগতে মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিধায়িকা নন্দিতা দাসে কয় যে মণিপুৰৰ জনতাক বিজেপি চৰকাৰে সুৰক্ষা প্ৰদান কৰিব পৰা নাই। পুলিচ-প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ হৈছে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ শাসনত থকাৰ কোনো অধিকাৰ নাই বুলি সদৰি কৰি তেওঁ কয় যে মণিপুৰৰ বিজেপি চৰকাৰে পদত্যাগ কৰিব লাগে। মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী তোলি তেওঁ কয় যে মণিপুৰত এনে বহু ঘটনা সংঘটিত হৈছে যিবোৰ পোহৰলৈ অহা নাই। মণিপুৰৰ ঘটনাক লৈ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নিৰৱতাক তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে পদত্যাগ কৰিলেহে দেশৰ মহিলাসকল সুৰক্ষিত হ'ব বুলি তেওঁ কয়।

0 Comments:
Post a Comment