নিউজ ডেক্স,২২ জুলাইঃ চৰকাৰী বিষয়াৰ ঘৰত টকাৰ উজান। ধুবুৰীৰ জিলা পৰিষদৰ চিইঅ' বিশ্বজিৎ গোস্বামীৰ বঙাইগাঁৱৰ বৰপাৰাৰ বাসগৃহৰ পৰা ভিজিলেঞ্চে ২ কোটি নগদধন সহ কেইবা লাখ টকাৰ সোণৰ অলংকাৰ জব্দ কৰিছে। ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই ঘটনাই। অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ ৫ জনীয়া দলে চলোৱা এক অভিযানত বিশ্বজিৎ গোস্বামীৰ পত্নীৰ নামত থকা ফ্লেটৰ পৰা ২,৩২,৮৫,৩০০ টকা উদ্ধাৰ কৰিছে। ভিজিলেঞ্চৰ এই অভিযানত বিশ্বজিতৰ সম্পত্তি ১১টা স্থানত থকাৰ লগতে গুৱাহাটীতো এটা বিশাল সম্পত্তি থকাৰ তথ্য পোহৰলৈ আহিছে। গুৱাহাটীত বিশাল অট্টালিকা নিৰ্মাণ কৰি থকা হৈছে। বৰ্তমান ভিজিলেঞ্চে বিশ্বজিৎ গোস্বামীৰ ৬টা বেংক একাউণ্ট জব্দ কৰিছে। আনহাতে ধুবুৰীৰ গৌৰীপুৰত মৃণালকান্তি সৰকাৰৰ ঘৰতো ভিজিলেঞ্চে অভিযান চলায়। মৃণালকান্তিৰ ঘৰত নিশা ১ বজালৈ তালাচী চলে আৰু ভিজিলেঞ্চে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে।
দৰাচলতে শুকুৰবাৰে ভিজিলেঞ্চৰ ৫ জনীয়া দলে ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত এক অভিযান চলায়। উক্ত দিনা আবেলি ৫ বজাৰ পৰা শনিবাৰে পুৱা ৫ বজালৈ প্ৰায় ১২ ঘণ্টা ধৰি ধুবুৰী জিলা পৰিষদৰ চিইঅ' বিশ্বজিৎ গোস্বামী আৰু সহকাৰী জিলা প্ৰকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক ভিজিলেঞ্চে জেৰা চলায়। ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি লুণ্ঠন চলাই অহাৰ বাবে বিষয়া দুয়োজনক গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে গ্ৰেপ্তাৰ কৰে। আৰক্ষী অধীক্ষক সিংহৰাম মেধিৰ নেতৃত্বত ভিজিলেঞ্চে চলোৱা এই অভিযানত ৩০ হেজাৰ টকা কমিছন লোৱাৰ সময়তে বিষয়া দুজনক হাতে লোটে ধৰা পেলায়। কেলকুলেটৰ মেন হিচাপে কুখ্যাত বিশ্বজিৎ গোস্বামীয়ে ধুবুৰীত দুবছৰ ধৰি লুণ্ঠন চলাইছিল। জানিব পৰা মতে বিগত দুটা বছৰে ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰি নামে বেনামে অগাধ সম্পত্তিৰ গৰাকী হৈছে গোস্বামী। লগতে কাৰ্যালয়টোত বিভিন্ন কাম কাজৰ বাবদ আগধন হিচাবে লৈ বিশ্বজিৎ গোস্বামীয়ে আঁচনি আবণ্টন কৰাৰো অভিযোগ উত্থাপন হৈছে। ধুবুৰী জিলাৰ ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য জাকিৰ হুছেইনৰ পৰা আঁচনিৰ ধন মোকলাই দিয়াৰ নামত ৯ শতাংশ কমিচন দাবী কৰিছিল গোস্বামীয়ে। কমিচনৰ ৩০ হাজাৰ টকা লোৱাৰ সময়তে ভিজিলেঞ্চে বিশ্বজিৎ গোস্বামীৰ লগতে মৃণাল কান্তি সৰকাৰকো আটক কৰিবলৈ সক্ষম হয়।



0 Comments:
Post a Comment