গুৱাহাটী প্ৰেছ ক্লাবত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকা
গুৱাহাটী,৩১ জুলাইঃ গুৱাহাটী প্ৰেছ ক্লাৱে নতুনকৈ আয়োজন কৰা 'গুৱাহাটী প্ৰেছ ক্লাৱৰ অতিথি' শীৰ্ষক অনুষ্ঠানত আজিৰ অতিথি হিচাপে অংশ গ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই। জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটোত সাঁতোৰবিদগৰাকীয়ে অলপতে ইংলিছ চেনেল ইপাৰ-সিপাৰ সাঁতুৰি কৰা অভিলেখৰ অভিজ্ঞতাৰ লগতে তেওঁৰ বিভিন্ন ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। উল্লেখ্য যে আঢ়ৈ বছৰ বয়সতে গুৱাহাটীৰ দীঘলীপুখুৰী সাঁতুৰি পাৰ হোৱা এলভিছ আলী হাজৰিকাই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত মুঠ ১৩৪টা স্বর্ণপদক অর্জন কৰিছে। আজিৰ অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি-সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলৰ লগতে কেবাগৰাকীও জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে।

0 Comments:
Post a Comment