গুৱাহাটী,৩১ জুলাইঃ গুৱাহাটী উচ্চ ন্যায়ালয় ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ ৰংমহল নামৰ ঠাইলৈ স্থানান্তৰিত কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাই। গুৱাহাটী প্ৰেছ ক্লাৱত সোমবাৰে আয়োজন কৰা এখন সংবাদমেলত সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ক স্থানান্তৰিত কৰাৰ সিদ্ধান্তক অদ্ভুত, অযুক্তিকৰ, একপক্ষীয় আৰু স্বৈৰাচাৰী বুলি আখ্যা দিয়ে।
ইতিমধ্যে ৰাষ্ট্ৰপতি, দেশৰ মুখ্য ন্যায়াধীশ, কেন্দ্ৰীয় আইন মন্ত্ৰীলৈ বিতং আপত্তি স্মাৰক প্ৰেৰণ কৰাৰ উপৰি সন্থাই ২৭ জুনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে অধিবক্তা সন্থাই অনাগত দিনত তীব্ৰতৰ গণতান্ত্ৰিক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সকিয়াই দিয়ে। আনহাতে ২৩ মে'ত লোৱা সিদ্ধান্তৰ পিছত পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশৰ লগতে অসমৰ এডভোকেট জেনেৰেল আৰু কেইজনমান চৰকাৰী বিষয়াক লৈ এক উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি ৰাজ্য চৰকাৰে একপক্ষীয়ভাৱে গ্ৰহণ কৰা অনুসৰণ ব্যৱস্থাৰ বিৰুদ্ধে অধিবক্তা সন্থাই ক্ষোভ প্ৰকাশ কৰে। সংবাদমেলত অধিবক্তা সন্থাই স্পষ্ট কৰি দিয়ে যে উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই চৰকাৰৰ সিদ্ধান্তৰ প্ৰতীয়মান সমৰ্থনত অধিবক্তা সন্থাৰ লগত কোনো আলোচনা নকৰাকৈয়ে দুজন ন্যায়াধীশক মনোনীত কৰিছিল।
উল্লেখ যে মাত্ৰ দহ বছৰতকৈ কম সময় আগতে প্ৰায় এশ কোটি টকা ৰাজহুৱা ধন ব্যয় কৰি নিৰ্মাণ কৰা পুৰণি উচ্চ ন্যায়ালয় ভৱনৰ বহুমহলীয়া নতুন ভৱন উদ্বোধন কৰা হৈছিল। এতিয়া আদালতৰ কক্ষ আৰু আনুষংগিক আন্তঃগাঁথনিৰ বাবে নক্সা আৰু অভ্যন্তৰীণ সজ্জাৰে নিৰ্মিত এই সংযোজনটো তথা ভৱনটো পৰিত্যাগ কৰাটো এক অযুক্তিকৰ পদক্ষেপ বুলি সন্থাই মতপোষণ কৰে।

0 Comments:
Post a Comment