


কোকৰাঝাৰ,৩১ জুলাইঃ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা আৰম্ভ কৰা অগপৰ লোকসভা সমষ্টিভিত্তিক বিশেষ কৰ্মকৰ্তা সন্মিলন কাৰ্যসূচীৰ অন্তিম তথা ১৪সংখ্যক সন্মিলনখনত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ কৰ্মকৰ্তা সন্মিলনখন দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত কোকৰাঝাৰ চহৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয়। বৰাক, ব্ৰহ্মপুত্ৰ পাহাৰ-ভৈয়ামৰ প্ৰতিটো লোকসভা সমষ্টিৰ লগতে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত অগপৰ কৰ্মকৰ্তাসকলৰ উৎসাহ-উদ্দীপনাই আপ্লুত কৰিছে বুলি কৈ সভাপতি বৰাই কয় যে অগপক আগন্তুক নিৰ্বাচনসমূহত দলৰ নিষ্ঠাৱান কৰ্মকৰ্তাসকলে শক্তিশালীভাৱে থিয় কৰোৱাৰ লগতে অগপক এক নতুন প্ৰাণ দিব। বৰাই লগতে কয় তৃণমূল পৰ্যায়ৰ নিষ্ঠাৱান কৰ্মকৰ্তাসকলৰ ত্যাগ, কষ্ট আৰু উদ্যমেই অগপৰ মূল চালিকাশক্তি। কোকৰাঝাৰত থকা অগপৰ এই অক্লান্ত সৈনিকসকলক কোকৰাঝাৰবাসীৰ মৰম আৰু আশীৰ্বাদক শিৰোধাৰ্য কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিত অগপৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত নিষ্ঠাৰে মনোনিৱেশ কৰি যাবলৈ সভাত সভাপতিগৰাকীয়ে আহ্বান জনায়। সভাৰ আৰম্ভণিতে মিত্ৰদল ইউ পি পি এলৰ বহুকেইগৰাকী কেন্দ্ৰীয় বিষয়ববীয়াই সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তক শুভেচ্ছা জনায়। সভাত উপস্থিত থাকি দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই বড়োলেণ্ড স্বায়ত্ত শাসিত অঞ্চলত শক্তিশালী ৰূপত উজ্জীৱিত হৈছে অসম গণ পৰিষদ আৰু জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৰে হৃদয় স্পৰ্শ কৰিছে অসম গণ পৰিষদে বুলি উল্লেখ কৰে। কাৰ্যকৰী সভাপতি মহন্তই দলৰ সভাপতি অতুল বৰাৰ বলিষ্ঠ নেতৃত্বত নতুন ধ্যান ধাৰণাৰে দল আগবাঢ়িছে বুলি মন্তব্য কৰে। বিশেষ কৰ্মকৰ্তা সন্মিলনত অগণন কৰ্মকৰ্তাৰ স্বতঃস্ফূৰ্ত সমৰ্থনে বড়োলেণ্ড স্বায়ত্ত শাসিত অঞ্চলত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে কৰ্মকৰ্তা সকলে পূৰ্ণোদ্যমেৰে আত্মনিয়োগ কৰি আহিছে বুলি কৈ মহন্তই মিত্ৰজোঁটৰ শক্তিশালী অংশীদাৰ হিচাপে বি টি আৰৰ সৰ্বাংগীণ কল্যাণৰ হকে সহযোগিতা আগবঢ়াই যাৱলৈ অসম গণ পৰিষদ সদায় দায়বদ্ধ বুলি কয় ৷ মহন্তই লগতে কয় যে অসম গণ পৰিষদ শক্তিশালী হোৱা মানেই মিত্ৰজোঁট শক্তিশালী হোৱা। এইবাৰ লোকসভা নিৰ্বাচনত বি টি আৰৰ নীলিম আকাশত মিত্ৰজোঁটৰ বিজয়ধ্বজা উৰুৱাৰ বাবে অসম গণ পৰিষদক অধিক প্ৰাণৱন্ত কৰিবলৈ কৰ্মকৰ্তা সকলক কাৰ্য্যকৰী সভাপতি গৰাকীয়ে আহ্বান জনায়। সন্মিলনৰ আদৰণি ভাষণ প্ৰদান কৰে দলৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে। সভাত দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়েও দলৰ সাংগঠনিক দিশ শক্তিশালী কৰা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment