বিশ্বৰ বৰষুণ নোহোৱা এখন গাঁও



 নিউজ ডেক্স,২৪ জুলাইঃ পানীৰ বাষ্প পৃথিৱীৰ বায়ুমণ্ডলত ঘনীভূত হৈ ডাৱৰ গঠন কৰে। এই ডাৱৰ যথেষ্ট গধুৰ হ'লে বৰষুণৰ ৰূপত পৃথিৱীত পৰে। পৃথিৱীৰ সকলো ঠাইতে কম বেছি পৰিমাণে বৰষুণ হয়। কিন্তু পৃথিৱীত এনে এখন ঠাই আছে য'ত কেতিয়াও বৰষুণ নহয়। যিখন গাঁৱত নহয় কেতিয়াও বৰষুণ। এইটো পৃথিৱীৰ একমাত্ৰ ঠাই য'ত বৰষুণ নহয়। ইয়াৰ গাঁওবাসীয়ে কেইবা দশক ধৰি বৰষুণলৈ অপেক্ষা কৰি আহিছে। গাঁওখন য়েমেনৰ ৰাজধানী ছানাত অৱস্থিত। গাঁওখনৰ নাম আল-হুতাইব। ই সমতলৰ পৰা ৩২০০ মিটাৰ উচ্চতাত এখন ৰঙা শিলৰ পাহাৰৰ শীৰ্ষত আছে। গোটেই পৃথিৱীত বছৰটোৰ বিভিন্ন সময়ত বৰষুণ হয়। কিন্তু আল-হুতাইব গাঁওখন শুকান হৈ থাকে। যিহেতু এই গাঁওখনত কেতিয়াও বৰষুণ নহয়, সেয়ে ইয়াৰ বতৰ যথেষ্ট শুকান। দিনটোত বৰ গৰম হয়। নিশা গাঁওখনলৈ ঠাণ্ডা নামি আহে। কিন্তু সূৰ্য উঠাৰ লগে লগে বতৰ পুনৰ গৰম হৈ পৰে। এই গাঁওখনত বৰষুণ কিয় নহয়? তাৰ কাৰণটো হ'ল গাঁওখন যি উচ্চতাত অৱস্থিত সেই উচ্চতাত ডাৱৰ জমা নহয়। ডাৱৰবোৰ ইয়াৰ তলৰ স্তৰতহে জমা হয়। আনহাতে সমতলৰ পৰা ২০০০ মিটাৰ উচ্চতাৰ ভিতৰতহে সাধাৰণতে বৰষুণৰ ডাৱৰ জমা হয়।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment