সৰুপথাৰ,২৪ জুলাইঃ গোলাঘাট জিলাৰ বৰপথাৰৰ বছাপথাৰত ক্ৰমাৎ বৃদ্ধি পাইছে দৈয়াং নৈৰ জলপৃষ্ঠ।
ফেনে ফুটুকাৰে বাঢ়ি অহা নদীৰ কোবাল সোঁতে উটুৱাই নিলে বাঁহৰ দলং। দৈয়াং নৈৰ কোবাল সোঁতে উতুৱাই নিলে বছাপথাৰৰ মোচৰ ভঙা ঘাটৰ এখন বাঁহৰ দলং। উল্লেখ্য যে প্ৰতিবছৰেই গাঁৱৰ ৰাইজে গাঁঠিৰ ধনভাঙি নিমাৰ্ণ কৰে এই বাঁহৰ দলংখন ৷ বৰ্তমান নৈপৰীয়া দুয়োপাৰৰ ৰাইজ ইপাৰ সিপাৰ হোৱাত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে নৈপৰীয়া ৰাইজ। পকী দলঙৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা স্থানীয় বিধায়কক দাবী স্থানীয় লোকৰ।

0 Comments:
Post a Comment