ইতিহাস হ'ব অসমৰ নামৰূপ সাৰ কাৰখানা

 
গুৱাহাটী,২৪ জুলাইঃ দুটাকৈ কাগজ কলৰ দৰে ইতিহাস হ'ব নামৰূপস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা
ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কৰ্প'ৰেশ্যন লিমিটেড অথবা নামৰূপ সাৰ কাৰখানা। ইতিমধ্যে নামৰূপ সাৰ কাৰখানাক সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিটি আয়োগৰ পৰামৰ্শ অনুসৰি শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। শুকুৰবাৰে লোকসভাৰ
প্রশ্নোত্তৰকালত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এক প্রশ্নৰ উত্তৰত এই কথা স্পষ্ট হৈ পৰে। কেন্দ্ৰীয় ৰসায়ণ আৰু সাৰ বিভাগৰ ৰাজ্যমন্ত্ৰী ভগৱন্ত খুবাই প্ৰকাশ কৰা তথ্য মতে ২০২২ চনৰ ১২ আগষ্টত তদানীন্তন চি ই অ’ পৰমেশ্বৰন আয়াৰৰ অধ্যক্ষতাত অনুষ্ঠিত বিষয়া গোটৰ কমিটীয়ে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল। লক্ষণীয় বিষয় যে কেন্দ্ৰীয় চৰকাৰে ৰহস্যজনকভাৱে এই কথা ইমান দিনে গোপনে ৰাখিছিল। সদনৰ প্ৰশ্নোত্তৰ কালত সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত নিটি আয়োগৰ পৰামৰ্শমৰ্মে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ কথা চৰকাৰে ৰাজহুৱা কৰিবলৈ বাধ্য হয়। বিভাগীয় মন্ত্ৰীজনে প্ৰদান কৰা এটা লিখিত বিবৃতিত এই কথাও লগতে জনাই যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ অধীনত গ্ৰহণ কৰা নব্য ৰাজহুৱা খণ্ডৰ উদ্যোগ নীতিত সাৰ উদ্যোগক ‘নন-ষ্ট্রেটেজিক’ খণ্ড হিচাপে গ্ৰহণ কৰা হৈছে। ‘নন-ষ্ট্রেটেজিক’ খণ্ডত চিহ্নিত হোৱা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক ব্যক্তিগতকৰণ কৰা নাইবা বন্ধ কৰাৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে। উল্লেখ্য যে মৃতপ্রায় নামৰূপ সাৰ কাৰখানাৰ
ব্যক্তিগতকৰণ কৰাটো সম্ভৱ নোহোৱা বাবে নিটি আয়োগৰ পৰামৰ্শমৰ্মে কেন্দ্ৰীয় চৰকাৰে সাৰ কাৰখানাটো স্থায়ী ৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। লক্ষণীয় বিষয় যে কেন্দ্ৰীয়
চৰকাৰে প্ৰথমতে নামৰূপ সাৰ কাৰখানাৰ দ্বিতীয় গোটটো
পুনৰুজ্জীৱিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পাছত কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰ ক্ষমতালৈ অহাৰ ঠিক পাছতেই নামৰূপ সাৰ কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপন কৰা হ'ব বুলি ২০১৫ চনৰ ২১ মে'ৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু প্ৰকৃততে সেয়া কাৰ্যকৰী কৰা হোৱা নাছিল। নগাওঁ আৰু কাছাৰ কাগজ কলৰ দৰেই ইতিহাস হোৱাৰ বাবে সাজু হৈ উঠিল নামৰূপ সাৰ কাৰখানা।
Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment