গুৱাহাটী,২৩ জুলাইঃ আলফা স্বাধীনৰ নামত অসমৰ থলুৱা জনগণক নিৰ্যাতন চলোৱা বন্ধ কৰক। অন্যথা অসম এৰক। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙলৈ এই সকিয়নী আলফা স্বাধীনৰ। আলফাৰ নামত ধনদাবী কৰা তথা আলফাৰ লিংকমেন বুলি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তথা এনকাউণ্টাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে এইদৰে সকিয়নী দি বিবৃত্তি জাৰি কৰিছে আলফা স্বাধীনে। বিবৃত্তিৰ জৰিয়তে আলফা স্বাধীনে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক শেষ সকিয়নী দিছে। উল্লেখ্য যে দেওবাৰে সংবাদ মাধ্যমলৈ আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সচিব কেপ্টেইন ৰুমেল অসমৰ এক বিবৃত্তি প্ৰেৰণ কৰিছে। বিবৃত্তিটোত আৰক্ষী সঞ্চালক প্ৰধানক অসমৰ থলগিৰীৰ ওপৰত ভুৱা এনকাউন্টাৰেৰে বীৰত্ব প্ৰদৰ্শন বন্ধ কৰিবলৈ সকিয়াই দিয়ে। বিবৃত্তিটোত কোৱা হয় যে ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ লাইপুলিৰ পুষ্পাঞ্জলি গগৈ নামৰ এগৰাকী মহিলাক ৩ লাখ টকাৰ সৈতে গ্ৰেপ্তাৰ কৰি তেওঁ আলফা স্বাধীনৰ নামত ধনদাবী কৰা বুলি প্ৰচাৰ কৰা হৈছে। কিন্তু মহিলাগৰাকী আলফা স্বাধীনৰ সৈতে কোনো সম্পৰ্ক নাই। আনহাতে শিৱসাগৰ জিলাৰ গেলেকীৰ হেম চেতিয়া নামৰ এগৰাকী ব্যক্তিক একেই কাৰণত মৰাণহাট আৰক্ষীয়ে শীতল মস্তিষ্কৰে ভৰিত গুলীয়াই আহত কৰে। বিবৃত্তিটোত কোৱা হয় যে তেওঁক আলফা স্বাধীনে ধন সংগ্ৰহৰ বাবে নিয়োগ কৰা নাছিল। আলফা স্বাধীনৰ নাম লৈ কোনো দুষ্টচক্রই হয়তো তেওঁক ব্যৱহাৰ কৰিব পাৰে। গতিকে অসম আৰক্ষীয়ে কোনো ধৰণৰ বাদ-বিচাৰ নকৰি আলফা স্বাধীনৰ সদস্য বুলি জধে-মধে ভুৱা এনকাউণ্টাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰা বন্ধ কৰক বুলি বিবৃত্তি যোগে সদৰি কৰা হয়। লগতে কোৱা হয় যে অসমৰ থলগিৰী জনগণৰ কৰ-কাটালেৰে জমা হোৱা ৰাজকোষৰ কোটি কোটি টকা আন্যায়ভাৱে আত্মসাৎ কৰা বঙাইগাঁৱৰ এ চি এছ বিষয়া বিশ্বজিৎ গোস্বামী, মৃণালক্রান্তি সৰকাৰ দৰে দুৰ্নীতিগ্রস্ত ব্যক্তি আৰু কয়লা, বার্মীজ চুপাৰিৰ চিণ্ডিকেট চলাই সম্পত্তিৰ পাহাৰ গঢ়া মিলন বুঢ়াগোহাঁই, লাচিত গগৈ লগতে তেওঁলোকে প্ৰকাশ কৰা আৰক্ষী তথা চৰকাৰী বিষয়াসকলক এনকাউণ্টাৰ কৰি সৎ সাহসৰ পৰিচয় দিয়ক। আনহাতে আলফা স্বাধীনে কয় যে যোৱা বছৰৰ এপ্রিল মাহত শিৱসাগৰৰ সূৰুজ গগৈক অসম আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰিছিল। ডি জি পি জ্ঞানেন্দ্র প্রসাদ সিঙে বাৰে বাৰে অসমৰ থলগিৰী ওপৰত ভুৱা এনকাউণ্টাৰেৰে বীৰত্ব প্ৰদৰ্শন কৰা হয় বন্ধ কৰক নহয় অসম এৰক। এয়া আমাৰ শেষ সকিয়নী বুলি আলফা স্বাধীনে বিবৃত্তি যোগে সদৰি কৰে।
.jpeg)

0 Comments:
Post a Comment