শিলসাঁকোত পুনৰ উত্তাল প্ৰতিবাদ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ


 গুৱাহাটী,২৩ জুলাইঃ শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ প্ৰতিবাদত পুনৰ উত্তাল হ’ল মহানগৰীৰ শিলসাঁকোৰ পাৰ। দীর্ঘদিন ধৰি শিলসাঁকোৰ উচ্ছেদিত ৰাইজে উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰা আৰু উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক ক্ষতিপূৰণসহ পুনৰ সংস্থাপন দিয়াৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এক বৈঠকত অংশগ্ৰহণ কৰি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ কৰ্তৃপক্ষ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ আৰু জিলা উপায়ুক্তক যুটীয়াভাৱে পৰ্যালোচনা কৰি পুনৰ উচ্ছেদ চলাবলৈ পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ প্রদান কৰাৰ খবৰ পোৱাত পুনৰ জাঙুৰ খাই উঠিল শিলসাঁকোৰ ৰাইজ। দেওবাৰে শিলসাঁকোৰ প্ৰকল্পস্থলীত শিলসাঁকোৰ থলুৱা লোকসকলে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে অঞ্চলটোৰ আকাশ-বতাহ কঁপাই তোলে। মাটি আমাক লাগিবই, উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিব লাগিবই, তেজ দিম মাটি এৰি নিদিওঁ, থলুৱাক উচ্ছেদ কৰা বন্ধ কৰক, বহিৰাগত পুঁজিপতিৰ স্বাৰ্থত থলুৱাক উচ্ছেদ কৰা নচলিব আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেত্ৰী গায়ত্ৰী বৰি আৰু নেইনা বেগমে কয় যে আজি চাৰিমাহ ধৰি শিলসাঁকোৰ উচ্ছেদিত থলুৱা লোকসকলে উচ্ছেদ সম্পৰ্ণৰূপে বন্ধ ৰখা আৰু উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ দাবীত প্রতিবাদ কৰি থকাৰ পাছতো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে। বৰং মুখ্যমন্ত্ৰীয়ে পুনৰ উচ্ছেদ কৰিবলৈ পৰিকল্পনা যুগুত কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ এনে থলুৱা বিৰোধী নীতি কেতিয়াও মানি লোৱা নহ'ব। এইবাৰ শিলসাঁকোত পুনৰ উচ্ছেদ চলাবলৈ আহিলে আমাক প্ৰথমতে গুলিয়াই মাৰিব লাগিব বুলি নেত্রীদ্বয়ে সকিয়াই দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহিৰাগত বণিয়াৰ স্বাৰ্থত শিলসাঁকোত পুনৰ থলুৱা লোকক উচ্ছেদ কৰিবলৈ লোৱা সিদ্ধান্ত অত্যন্ত দুৰ্ভাগ্যজনক। পূৰ্বৰ উচ্ছেদৰ সময়তো চৰকাৰ-প্ৰশাসনে বাচি বাচি কেৱল থলুৱা লোকক উচ্ছেদ কৰাৰ বিপৰীতে শিলসাঁকোৰ বুকুত থকা বহিৰাগত পুঁজিপতিৰ বৃহৎ বৃহৎ অট্টালিকাসমূহ স্পৰ্শ কৰিব নোৱাৰিলে। নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰীয়ে প্ৰতিটো থলুৱা পৰিয়ালক মাটিৰ অধিকাৰ প্ৰদান কৰিম বুলি ভুৱা প্ৰতিশ্রুতি দি এতিয়া উচ্ছেদ চলাইছে। তেওঁ কয় যে থলুৱা লোকৰ মাটি বহিৰাগত পুঁজিপতিক দিবলৈ উঠিপৰি লাগিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বিভিন্ন ধৰণৰ কূটকৌশল প্ৰস্তুত কৰি শিলসাঁকো থলুৱা মুক্ত কৰিব খুজিছে চৰকাৰে। চৰকাৰৰ এনে থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে এইবাৰ মৰণপন যুঁজ হ’ব বুলি সকীয়াই দিয়ে কৃষক মুক্তিৰ নেতাগৰাকীয়ে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলে তেজ দিম কিন্তু মাটি এৰি নিদিওঁ বুলি শপত গ্ৰহণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment