কলাক্ষেত্ৰ সমাজৰ সাধাৰণ পৰিষদৰ বৈঠকত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী,২২ জুলাইঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশ গ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ লগতে ইয়াৰ অধীনত বৰপেটাৰ পাটবাউসী সত্ৰ, চুণপোৰা সত্ৰ,কুমাৰকুছি সত্ৰ,বাসুদেৱ থান (ঢকুৱাখানা)ৰ আন্তঃগাঁথনি উন্নয়ন এক উপস্থাপনৰ জৰিয়তে বুজ লয়। তদুপৰি মুখ্যমন্ত্ৰীয়ে কলাক্ষেত্ৰ সমাজৰ বিভিন্ন বিত্তীয় ব্যৱস্থা, কৰ্মচাৰীসকলৰ দৰমহা সংক্ৰান্তীয় আৰু নাৰায়ণপুৰৰ শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ পৰিচালনাৰ বাবে কৰ্মচাৰী নিয়োগ আদি বিভিন্ন বিষয় বিতংভাৱে আলোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰে। বৈঠকত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ মাননীয় সচিব সুদৰ্শন ঠাকুৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিশেষ সচিব অশোক বৰ্মন, সঞ্চালিকা মিনাক্ষী দাস নাথ, সাধাৰণ পৰিষদৰ সদস্যসকল ক্ৰমে জনাৰ্দন দেৱগোস্বামী, ভবেন্দ্ৰ নাথ ডেকা, বীৰেন সিংহ, পুলক বেনাৰ্জী, পূৰ্ণিমা শইকীয়া, অবিনাশ শৰ্মা, হীৰু প্ৰসাদ মহন্ত, জিতুল সোণোৱাল, গায়ত্ৰী মহন্ত আৰু চাজন নায়ক উপস্থিত আছিল।
0 Comments:
Post a Comment