নিউজ ডেক্স,২৪ আগষ্টঃ শতবৰ্ষ গৰকা অসম সত্ৰ মহাসভাৰ বৰ্তমানৰ নেতৃত্বদ্বয় সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী আৰু প্ৰধান সম্পাদক সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্তৰ নেতৃত্বৰ সু-পৰিচালনাত অসম সত্ৰ মহাসভাই কেইবালানি জনকল্যান মূলক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই শতবৰ্ষ অতিক্ৰম কৰা অসম তথা উত্তৰ পূব ভাৰতৰ অন্যতম সামাজিক তথা আধ্যাত্মিক অনুষ্ঠান অসম সত্ৰ মহাসভাৰ বৰ্তমানৰ সমিতিখনে অসমৰ বিভিন্ন জিলাত সত্ৰীয়া সংস্কৃতিৰ বৰগীত, খুলবাদন, সত্ৰীয়া নৃত্য আদিৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। অলপতে মৰিগাঁও জিলাৰ প্ৰায় পোন্ধৰতা স্থানত মহিলাৰ কৰ্কট ৰোগ সন্দৰ্ভত বিনামূলীয়া পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে।
আনহাতে ৰবিবাৰে বৰপেটা জিলাৰ সৰুপেটাৰ নপাৰা গাঁওৰ কেইবাঘৰো হৰিজন(মুচি) সম্প্ৰদায়ৰ লোকক মহাপুৰুষ শঙ্কৰদেৱৰ "এক শৰণ ভাগৱতী" ধৰ্মৰ নীতি নিয়মেৰে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা কালশিলা সত্ৰৰ সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্তই শৰণ ভজন প্ৰদান কৰে। উল্লেখযোগ্য যে সমগ্ৰ অসমজুৰি কুসুম কুমাৰ মহন্তৰ প্ৰত্যক্ষ পদক্ষেপ তথা মহন্তৰ সু-নেতৃত্বত ইতিমধ্যে একুৰিতকৈ অধিক জনজাতীয় লোকৰ লগতে অনুসূচীত জাতি আৰু আন আন জনগোষ্ঠীৰ লোকক সত্ৰাধিকাৰ হিচাপে দায়িত্ব অৰ্পণ কৰিছে। বৰ্তমানৰ অসম সত্ৰ মহাসভাৰ এনে জনকল্যান তথা সমাজ কল্যাণ মূলক কৰ্মক সচেতন ৰাইজে প্ৰশংসা কৰিছে।

0 Comments:
Post a Comment