সাংবাদিকৰ বিভিন্ন সমস্যা সন্দৰ্ভত মন্ত্রী পীযুষ হাজৰিকাক সাক্ষাৎ 'জাফা'ৰ প্ৰতিনিধিৰ
গুৱাহাটী,২৫ জুলাইঃ ৰাজ্যৰ সাংবাদিক সকলৰ জীৱনৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ অৰ্থ সাহাৰ্যৰে সকলো সাংবাদিকৰ বাবে অতি শীঘ্ৰেই বিনামূলীয়া স্বাস্থ্য বীমা আৰু জীৱন বীমা আঁচনি প্ৰৱৰ্তনৰ দাবী জনাই মঙলবাৰে সাংবাদিক আৰু সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েছন ফ'ৰ আসাম চমুকৈ 'জাফা'ৰ প্ৰতিনিধি দল এটাই দিছপুৰত তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক সাক্ষাৎ কৰে। লগতে দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ যোগে জাফাই অসমৰ সাংবাদিক সকলৰ আন কেতবোৰ সমস্যাৰ মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰি সমাধানৰ দাবী জনায়। জাফাই স্মাৰক পত্ৰযোগে অসম চৰকাৰৰ অৰ্থ সাহাৰ্যৰে অসমৰ সকলো সাংবাদিক-সংবাদকৰ্মীৰ বাবে বিনামূলীয়াকৈ স্বাস্থ্যবীমা আৰু জীৱন বীমা আঁচনি প্ৰবৰ্তন কৰাৰ দাবী জনায়। আৰম্ভনিতে এই আঁচনিত অসমৰ সকলো সাংবাদিক আৰু সংবাদকৰ্মীক সাঙুৰি লোৱাত অসুবিধা হ'লে প্ৰাৰম্ভিক পৰ্যায়ত এই ক্ষেত্ৰত তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা স্বীকৃত সাংবাদিকক অগ্ৰাধিকাৰ প্ৰদানৰ পৰামৰ্শ আগবঢ়ায়। তদুপৰি সাংবাদিক পেঞ্চনৰ ধন প্ৰতি মাহে ৮ হেজাৰৰ পৰা ১৫ হেজাৰৰ পৰ্য্যন্ত বৃদ্ধি কৰা, পেঞ্চন প্ৰাপ্ত সাংবাদিক গৰাকীৰ মৃত্যুৰ পাছত পেঞ্চনৰ ধন সম্পূৰ্ণ ভাৱে পত্নী বা পুত্ৰ -কন্যাক দিয়াৰ ব্যৱস্থা কৰা, কৰ্মৰত অৱস্থাত মৃত্যু হোৱা চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকৰ পৰিয়ালক এককালীন ভাবে ২০ লাখ টকাৰ ক্ষতিপুৰণ আদায় দিয়াৰ ব্যৱস্থা কৰা, গুৱাহাটীত কৰ্মৰত সাংবাদিক সংবাদকৰ্মীৰ বাবে পৃথকে হাউচিং কলনি নিৰ্মাণৰ ব্যৱস্থা কৰা, গুৱাহাটীলৈ দেশ-বিদেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিক সকলৰ থকাৰ সুবিধাৰ্থে গুৱাহাটীত এটি নতুনকৈ সাংবাদিক গেষ্ট হাউচ নিৰ্মাণ কৰা আৰু সাংবাদিক সমাজ উপকৃত হোৱাকৈ তথ্য আৰু জনসংযোগ বিভাগে গঠন কৰা উপ সমিতি সমূহ যেনে প্ৰেছ এক্ৰিডিয়েচন কমিটী, পেঞ্চন কমিটী, মেডিকেল কমিটী আদিত চৰকাৰৰ ওচৰত পঞ্জীয়নভুক্ত সাংবাদিক সংগঠনৰ এজনকৈ প্ৰতিনিধিক সদস্য হিচাপে মনোনীত কৰাৰ উপৰি টোলগেটত সাংবাদিকৰ বাহনক কৰৰ পৰা ৰেহাই দিয়াৰো দাবী জনায় জাফা'ই। বিভাগীয় মন্ত্ৰীগৰাকীয়ে আলোচনা কালত জাফাৰ দাবী সমূহ গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে সমাধানৰ আশ্বাস দিয়ে। 'জাফা'ৰ প্ৰতিনিধি দলটোৰ সদস্য সকল আছিল কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰী ,কাৰ্য্যকৰী সভাপতি পংকজ ডেকা ,সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়, উপ-সভাপতি মনোজ ডেকা, কামৰূপ মহানগৰ জাফাৰ সম্পাদক মিণ্টু হাজৰিকা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আৰ্ছাদ ৰহমান বৰা আৰু কামৰূপ মহানগৰ জিলা জাফাৰ উপ-সভাপতি ৰিদীপ কলিতা।

0 Comments:
Post a Comment