শিলচৰত ৪৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ জন
শিলচৰ,২৫ জুলাইঃ শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা। ২.৫ কেজি হেৰ’ইনসহ ১ লাখ য়াবা টেবলেট জব্দ। সোমবাৰে নিশাৰ ভাগত জব্দ কৰে এই নিচাযুক্ত দ্ৰব্যসমূহ। জব্দ কৰা সামগ্রীখিনিৰ মূল্য প্রায় ৪৫ কোটি টকা। ৰামনগৰ বাইপাছত চলা অভিযানত এখন বাহনৰ পৰা জব্দ হয় এইখিনি ড্ৰাগছ। এছ টি এফৰ ডি আই গি পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান। মিজোৰামৰ পৰা শিলচৰ অভিমুখী বাহনখনৰ উদ্ধাৰ হয় ড্ৰাগছখিনি। ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনিজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা কেইজন মনোৱাৰ হুছেইন, চাদাৰ উদ্দিন, আফচৰ বুলি চিনাক্ত হৈছে। উল্লেখ্য যে ইয়াৰে এজনে পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে। ভৰিত গুলী লগা লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

0 Comments:
Post a Comment