গুৱাহাটী,২৬ জুলাইঃ অৱশেষত ভাল খবৰটো আহিল। বন্ধ নহয় নামৰূপ সাৰ কাৰখানা। উল্লেখ্য যে শুকুৰবাৰে লোকসভাৰ প্রশ্নোত্তৰকালত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এক প্রশ্নৰ উত্তৰত নিটি আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰই নামৰূপ সাৰ কাৰখানাটো বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ বিষয়টো পোহৰলৈ আহিছিল। ইয়াৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অসমৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধীতা কৰিছিল। ঠায়ে ঠায়ে অব্যাহত আছিল প্ৰতিবাদ। ৰাজ্যজুৰি হোৱা ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ পাছতে সলনি হয় কেন্দ্ৰৰ সিদ্ধান্ত। কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে সামাজিক মাধ্যম যোগে অৱগত কৰে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় মন্ত্রী সোণোৱালে স্পষ্ট কৰি কয় যে বন্ধ কৰা নহয় নামৰূপৰ সাৰ কাৰখানা, বৰং আধুনিকীকৰণহে কৰা হ'ব। সোণোৱালে জনোৱা মতে কেন্দ্ৰীয় কেবিনেট বৈঠকৰ অন্তত মঙলবাৰে তেওঁ নামৰূপৰ সাৰ কাৰখানা সন্দৰ্ভত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ সৈতে নতুন দিল্লীত এখন বৈঠকত মিলিত হয়। বৈঠকত সাৰ কাৰখানাটোৰ গুৰুত্ব সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। আলোচনাৰ অন্তত মনসুখ মাণ্ডৱিয়াই স্পষ্ট কৰি দিয়ে যে নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেচন লিমিটেড (BVFCL) সাৰ প্ৰকল্পটো কোনোপধ্যেই বন্ধ কৰা নহয়, বৰং এই প্ৰকল্পটো আধুনিকীকৰণহে কৰা হ'ব। ইয়াৰ উপৰি এটা নেন' ইউৰিয়া প্ৰকল্পও স্থাপন কৰা হ'ব, য'ত মূলতঃ স্থানীয় লোকসকলে নিযুক্তি লাভ কৰিব। তাৰ পৰা উৎপাদিত ইউৰিয়া আৰু নেন' ইউৰিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগৰ কৃষকসকলৰ বাবে শস্য উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও আলোচনা কৰে।
.jpeg)
0 Comments:
Post a Comment