ৰাজ্যৰ ছয় জনগোষ্ঠীক কৰা প্ৰতাৰণা বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ
গুৱাহাটী,১ আগষ্টঃ অসমৰ ছয় জনগোষ্ঠীক পুনৰ প্ৰতাৰণা কৰিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে। এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ। মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহে কয় যে শেহতীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত জম্মু-কাশ্মীৰ, চত্তিশগড় আৰু হিমাচল প্ৰদেশৰ কেবাটাও জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদানৰ বাবে বিধেয়ক গৃহীত কৰিছে। কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ পাছতো বিজেপি চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। ২০১৬ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে গৃহ বিভাগৰ বিশেষ সচিব মহেশ কুমাৰ সিংলাৰ নেতৃত্বত গঠন কৰি দিছিল এখন বিশেষ সমিতি। কিন্তু আজিও জনজাতিকৰণৰ এই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে কেন্দ্ৰীয় চৰকাৰে। তাৰ বিপৰীতে বিজেপি চৰকাৰে জনজাতিকৰণৰ বিষয়টোক নিৰ্বাচনৰ আহিলা হিচাপেহে গণ্য কৰিলে। চলি থাকিল কমিটী গঠনৰ নাটক৷ সিংলা কমিটীৰ পাছত জনজাতিকৰণ সন্দৰ্ভত ২০১৯ চনৰ জানুৱাৰী মাহতেই গঠন হৈছিল অসম চৰকাৰৰ মন্ত্ৰীগোট। মন্ত্ৰীগোটৰ নেতৃত্বত আছিল আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ ২০২০ চনৰ অক্টোবৰ মাহত এই কমিটীয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নিজৰ প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল৷ কিন্তু ২০২২ চনৰ নৱেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই স্পষ্ট কৰি দিলে যে অসম চৰকাৰৰ মন্ত্ৰীগোটে এতিয়াও জনজাতিকৰণ সন্দৰ্ভত প্রতিবেদনেই দাখিল কৰা নাই। এনেকৈয়ে অসমৰ ৬ জনগোষ্ঠী বাৰম্বাৰ প্ৰতাৰণাৰ বলি হৈ আহিছে। তেওঁ কয় যে ২০২২ চনত দেশৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণ কৰা হৈছিল আৰু অসমৰ ৬ জনগোষ্ঠীৰ নেতৃত্বই তেতিয়া প্রতিবাদ সাব্যস্ত কৰি আন্দোলন ঘোষণা কৰিছিল। অসমৰ মুখ্যমন্ত্ৰীয়ে ৬ জনগোষ্ঠীৰ নেতাসকলক মাতি আনি এক আলোচনাত মিলিত হৈছিল। শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু জনসংযোগ মন্ত্রী পীযুষ হাজৰিকাক দায়িত্ব দি বিষয়টো সমাধানৰ এক পথ উলিয়াবলৈ সময়সীমা বান্ধি দিছিল যদিও সেয়া এতিয়া ফুটুকাৰ ফেনত পৰিণত হ'ল। অসমৰ ৬ জনগোষ্ঠীয়ে যে কোনো কাৰণতে জনজাতিৰ মৰ্যাদা লাভ কৰিব নোৱাৰে সেয়া বিজেপিয়ে তলে তলে চূড়ান্ত কৰিছে বুলি তেওঁ অভিযোগ কৰে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল।

0 Comments:
Post a Comment