মণিপুৰলৈ উত্তৰ পূৰ্বাঞ্চল ছাত্র সংগঠনৰ নেতৃত্ব
অশান্তজৰ্জৰ মণিপুৰৰ পৰিস্থিতিৰ বুজ ল’বলৈ আজি উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে মণিপুৰলৈ ৰাওনা হয়। প্ৰাণৰ সংশয়ত আশ্ৰয় শিবিৰত থকা জনতাক সাক্ষাৎ কৰাৰ লগতে প্ৰতিনিধি দলটোৱে আলোচনাত মিলিত হ’ব। 'নেছ'ৰ অংগ মণিপুৰ ছাত্ৰ সন্থা আৰু নাগা ষ্টুডেন্টেছ ফেডাৰেছনে আৰম্ভণিৰে পৰা জনসাধাৰণৰ সৈতে যোগাযোগত আছে। আজি নেছৰ অন্তৰ্গত আটাইকেইটা সংগঠনৰ নেতৃত্বই মণিপুৰ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুল ল'ব।

0 Comments:
Post a Comment