ৰাজ্যত চোৰাং কাঠৰ ছিণ্ডিকেটত জড়িত বিজেপি নেতা : আপ


গুৱাহাটী,১ আগষ্টঃ বিজেপিৰ পৰা সদ্য অপসাৰিত এজন নেতা আৰু এটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতাৰ মাজত চলা টেলিফোনিক বাৰ্তালাপ ৰাজহুৱা হোৱাৰ পিছতে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল'গান দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত চলি থকা ছিণ্ডিকেটৰ কথা ফাদিল হৈছে। এই অভিযোগ আম আদমী পাৰ্টী চমুকৈ আপৰ। মঙলবাৰে আপৰ গুৱাহাটীস্থ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি আপৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে এই টেলিফোনিক বাৰ্তালাপ ৰাজহুৱা হোৱাৰ পিছত ছিণ্ডিকেটৰ সৈতে জিতু দাস নামৰ ৰাজ্যিক বিজেপিৰ  সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক জড়িত থকাৰ কথা পোহৰলৈ আহিছে। ৰাজ্যত বিজেপিৰ নেতা-পালিনেতা, দালালৰ ছত্ৰছায়াত চলি থকা কাঠৰ ছিণ্ডিকেটৰ তথ্য সদৰী কৰি তেওঁ কয় যে চুপাৰি, কয়লা, ব্ৰইলাৰ, ম'হৰ সমান্তৰালকৈ অসমৰ মাজেৰে চলি আছে বাৰ্মিজ চেগুন কাঠৰ বৃহৎ ছিণ্ডিকেট। এতিয়া অসমত অৰুণাচল, মিজোৰামৰ পৰা অহা কাঠৰ  ছিণ্ডিকেট চলি আছে বুলি মন্তব্য কৰি তেওঁ কয় যে জনৈক গোবিন সৰকাৰ নামৰ কাঠ মাফিয়া এজনৰ নেতৃত্বত চলি আছে এই  ছিণ্ডিকেট। এই সন্দৰ্ভত ২০২২ চনৰ ১৫ নবেম্বৰত কেইজনমান ভুক্তভোগীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক দিয়া এখন অভিযোগ পত্ৰত এই ছিণ্ডিকেটৰ কথা উল্লেখ কৰিছিল। বৈধ নথি থকাৰ পিছতো কি দৰে গোবিন সৰকাৰ নামৰ কাঠৰ ছিণ্ডিকেটৰ খলনায়কজনক ধন নিদিলে আৰক্ষীৰ দ্বাৰা হাৰাশাস্তি কৰোৱা হয় সেই কথা উল্লেখ আছে অভিযোগ পত্ৰখনত। কিন্তু এই ক্ষেত্রত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে মুখ্যমন্ত্ৰীৰ আৰক্ষী বিভাগে। ৭ মাহ পূৰ্বেই ভুক্তভোগীয়ে নাম উল্লেখ কৰা এইজন জিতু দাসৰ নাম এতিয়া ৰাজহুৱা হ'ল শাসকীয় বিজেপি দলৰ নেতাৰ টেলিফোনিক বাৰ্তাত। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ঘনিষ্ঠ এইজন জিতু দাসৰ বিৰুদ্ধে ৭ মাহ পূৰ্বে ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে ব্যবস্থা লোৱা নাই। এই অভিযোগে  কিয় গুৰুত্ব নাপালে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে শেহতীয়াকৈ ডিফু থানালৈ জেৰাৰ বাবে মতা এইজন জিতু দাসক আকৌ মুখ্যমন্ত্ৰীয়ে ক্লীনশ্বিট দি তেওঁক সাক্ষী বুলিহে কৈছে। সাক্ষীক অপৰাধী সজাব নাপায় বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পৰাই বুজা যায় অসমত ছিণ্ডিকেটৰ গুৰিবঠা আচলতে কাৰ হাতত আছে। আনহাতে মঙলদৈৰ এখন বিদ্যালয়ত বজৰং দলে বন্দুক, পিষ্টল চলোৱাৰ প্ৰশিক্ষণ দিয়া ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে যি সময়ত গৰমৰ বন্ধ উপলক্ষে একাংশ বিদ্যালয়ত বিভিন্ন অনুষ্ঠানে বিনামূলীয়া পাঠদান কাৰ্যসূচী সম্পন্ন কৰিছে, সেই সময়তে  চৰকাৰৰ পৰোক্ষ পৃষ্ঠপোষকতাত মঙলদৈৰ বিদ্যালয়ত বজৰং দলে চলাইছে বন্দুক, পিষ্টল চলোৱাৰ প্ৰশিক্ষণ। চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে দল, সংগঠনৰ নেতাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰা চৰকাৰখনে মুকলিকৈ অস্ত্র চলোৱাৰ প্ৰশিক্ষণ দিয়া এজনো লোকক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা নাই কিয় বুলি তেওঁ প্ৰশ্ন কৰে। তেওঁ লগতে কয় যে মাদ্ৰাছাত অস্ত্ৰ চলোৱাৰ প্ৰশিক্ষণ দিয়া হয় বুলি বিজেপিৰ নেতাসকলে কোৱা কথা ৰাইজে শুনিছিল, কিন্তু এতিয়া বজৰং দলে বিদ্যালয়ত গুলি চলোৱাৰ প্ৰশিক্ষণ দিয়া দেখা পালে ৰাইজে। আচলতে মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে এনে ঘটনাৰ দ্বাৰা ২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ পৰিস্থিতি বিষাক্ত কৰাৰ, সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ অপচেষ্টা চলাইছে বুলি তেওঁ অভিযোগ কৰে। কিন্তু বিজেপি আৰু আৰ এছ এছৰ এই পৰিকল্পনা সফল নহ'ব বুলি তেওঁ কয়। সংবাদমেলত আপ অসমৰ যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা আৰু মুখপাত্ৰ অনুৰূপা ডেকাৰজা উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment