গুৱাহাটী,১০ আগষ্টঃ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তি ওলাই আহিল ৰাজপথলৈ। হাতত ছিলিণ্ডাৰ লৈ আৰু ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি বিজেপি চৰকাৰৰ 'ভাল দিনৰ' শ্ল'গানক কঠোৰ ভাষাৰে সমালোচনা কৰে। গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰত সমৱেত হোৱা জাতীয় মহিলা শক্তিৰ নেত্ৰীসকলে আৰক্ষীৰ বাধা নেওচি চিঞৰি চিঞৰি কয় যে বিজেপিয়ে যি ভাল দিনৰ প্ৰতিশ্ৰতি দিছিল, সেই ভাল দিন আমাক নালাগে। আমাক আগৰ সেই বেয়া দিনবোৰেই ঘূৰাই দিয়ক৷ ৰাজ্য চৰকাৰে মূল্য বৃদ্ধি প্ৰতিৰোধ কৰিব নোৱাৰাৰ প্ৰতিবাদত সমৱেত হোৱা মহিলাসকলে ৰাজ্য চৰকাৰ আৰু বিজেপি দলৰ বিৰুদ্ধে শ্ল'গান দিয়াৰ লগতে ৰাজপথত যোগানমন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ প্ৰতিকৃতি দাহ কৰে। মূল্যবৃদ্ধিৰ ক্ষেত্রত চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই অহা এজেপিৰ মহিলা শক্তিয়ে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰ কঁপাই তোলে। হাতে হাতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী লিখা প্লে' কাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে বহুগৰাকী মহিলাই হাতত খালী গেছৰ ছিলিণ্ডাৰ লৈ আৰু ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি চৰকাৰ বিৰোধী শ্ল'গান দিয়ে। ইফালে প্ৰতিবাদকাৰীসকলৰ সৈতে আৰক্ষীৰ ঠেলা-হেঁচাও লাগে। প্ৰতিবাদৰ অন্তত জাতীয় মহিলা শক্তিৰ সভানেত্ৰী আল্পনা শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে বয়-বস্তুৰ দাম জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ বাহিৰলৈ গুছি গৈছে৷ বজাৰত এক প্ৰকাৰৰ অঘোষিত জৰুৰী অৱস্থা চলি আছে৷ এনে অৱস্থাত চৰকাৰে নিজৰ দায়িত্ব পালন নকৰি শুই আছে৷ চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগটো ঢাল-তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰৰ দৰে ৰৈ আছে৷ অথচ চৰকাৰৰ হাতত বজাৰক নিয়ন্ত্ৰণলৈ অনাৰ আইনগত ক্ষমতা আছে৷ চৰকাৰে সেই ক্ষমতা প্ৰয়োগ কৰা নাই৷ ইয়াৰ পৰা বুজা যায় যে পুঁজিপতি বনিয়া গোষ্ঠীসমূহৰ সৈতে চৰকাৰৰ মানুহৰ ভিতৰুৱা বুজাবুজি আছে৷ ছিণ্ডিকেটৰাজ বন্ধ কৰিব পাৰিলেও ৰাইজে যথেষ্ট সকাহ পালেহেতেন৷ কিন্তু ছিণ্ডিকেট স্বয়ং দিছপুৰৰ পৃষ্ঠপোষকতাতে চলি আছে৷ ফলত তাৰ কুপৰিণাম ৰাইজে ভোগ কৰিবলগীয়া হৈছে৷ সেয়ে চৰকাৰখনক টোপনিৰ পৰা জগাবলৈ এনে ধৰণৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়নৰ প্ৰয়েজনীয়তা আহি পৰিছে বুলি তেওঁ কয়।
মূল্যবৃদ্ধি : হাতত ছিলিণ্ডাৰ আৰু ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি ৰাজপথত এজেপিৰ মহিলা শক্তি

0 Comments:
Post a Comment