আপকু-জাফাৰ উদ্যোগত কমলা শইকীয়া আৰু ভৱেশ শইকীয়াৰ স্মৃতিচাৰণ সভা


গুৱাহাটী ৯ আগষ্টঃ দিছপুৰ প্ৰেছ ক্লাবত আজি আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ কামৰূপ জিলা সমিতি আৰু জাৰ্নেলিষ্ট এছ'চিয়েচন ফৰ আছাম (জাফা)ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ যৌথ উদ্যোগত অসমৰ প্ৰথম শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩২ সংখ্যক মৃত্যু তিথি আৰু সদ্য প্ৰয়াত আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ  শইকীয়াৰ এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা ১১ বজাত শ্বহীদ সাংবাদিক কমলা শইকীয়া আৰু প্ৰয়াত সাংবাদিক ভৱেশ শইকীয়াৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জাৰ্ণালিষ্ট ইউনিয়ন অৱ আসামৰ কেন্দ্ৰীয় সভাপতি ছেমিম চুলতানা আহমেদ আৰু অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ভবেন দত্তই। জাফাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কুঞ্জমোহন ৰয়ে আঁত ধৰা অনুষ্ঠানটিত বহুকেইগৰাকী বিশিষ্ট সাংবাদিক আৰু সংবাদকৰ্মীয়ে উপস্থিত থাকি দুয়োগৰাকী সাংবাদিকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। স্মৃতিচাৰণ অনুষ্ঠানটিত জাৰ্ণালিষ্ট ইউনিয়ন অৱ আসামৰ কেন্দ্ৰীয় সভাপতি ছেমিম চুলতানা আহমেদে ভাষণত শ্বহীদ সাংবাদিক কমলা শইকীয়া আৰু প্ৰয়াত সাংবাদিক ভবেশ শইকীয়াক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি সাংবাদিকসকলৰ একতাৰ ওপৰত বিশেষভাবে গুৰুত্ব আৰোপ কৰে। তেওঁ সাংবাদিক সকলৰ সুৰক্ষা আৰু স্বাৰ্থত সকলো সাংবাদিকক ঐক্যবদ্ধভাৱে থিয় দিবলৈ আহ্বান জনায়। অসমীয়া খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাসে ভাষণত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক আৰু সংবাদপত্ৰৰ আৰ্থিক আৰু সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাৰ গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানটিত আপকুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্যই ভাষণত কয় যে নিহত সাংবাদিক সকলৰ পৰিয়াল সমূহে দুৰ্ভাগ্যজনকভাৱে এতিয়াও ন্যায় নাপালে। গতিকে ৰাজ্য চৰকাৰে সাংবাদিক হত্যাৰ ক্ষেত্ৰত  বিভিন্ন  আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা গোচৰ সমূহ পুনৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগে। অনুষ্ঠানটিত সদৌ অসম ফটো সাংবাদিক সন্থাৰ কোষাধ্যক্ষ ধনীৰাম কলিতা, জাফাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু আপকুৰ কামৰূপ জিলা সমিতিৰ সভাপতি হাছানুল আহমেদ আৰু সম্পাদক নিৰেন চন্দ্র মালীকে ধৰি বহু কেইগৰাকী সাংবাদিকে উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment