
গুৱহাটী,১১ আগষ্টঃ সংসদত মণিপুৰক লৈ বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ বিৰুদ্ধে নিজৰ উত্তৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণক কঠোৰ ভাষাৰে সমালোচনা কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। আজি খানাপাৰাস্থিত ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত মোদীৰ ভাষণ তথা গুৰুত্বপূৰ্ণ বিষয়কলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়বদ্ধতাকলৈ প্ৰশ্ন উত্থাপন কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণত মণিপুৰক লৈ থকা তেওঁৰ উদাসীনতা প্ৰকাশ পাইছে৷ যিহেতু তিনি মাহ ধৰি জ্বলি থকা মণিপুৰৰ পৰিস্থিতিকলৈ বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল, সেয়ে প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত যথাৰ্থ উত্তৰ প্ৰদান কৰাটো জৰুৰী আছিল৷ কিন্তু বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সংসদত দুই ঘণ্টা ১৩ মিনিট ভাষণ প্ৰদান কৰাৰ সময়ত মাত্ৰ ৪ মিনিটহে মণিপুৰকলৈ মন্তব্য প্ৰদান কৰে৷ মণিপুৰৰ অমানৱীয় ঘটনাই বিশ্ব কঁপাই যোৱাৰ সময়ত ইয়াক সাধাৰণ ঘটনা বুলি অভিহিত কৰি ৰাজস্থান, চত্তিশগড়, জন্মু-কাশ্মীৰ, পশ্চিম-বংগৰ সৈতে তুলনা কৰা কাৰ্য গৰিহণাৰ যোগ্য৷ মণিপুৰ সন্দৰ্ভত সংসদত গৃহ বিভাগে দাখিল কৰা তথ্য দাঙি ধৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক সাধাৰণ ঘটনা বুলি কৈছে কিন্তু ই অধিক জটিল আৰু ইয়াৰ প্ৰকৃত ছবি অধিক ভয়াৱহ৷ বিগত সময়ছোৱাত মণিপুৰত ৬৫০০ এজাহাৰ পঞ্জীভুক্ত কৰা হৈছে৷ ৪০০ টা ঘৰ জ্বলাই দিয়া হৈছে, প্ৰায় ১৫০ লোকৰ মৃত্যু ঘটিছে, বহু লোক এতিয়াও সন্ধানহীন হৈ আছে৷ ৬০ হাজাৰ লোক গৃহহীন হৈছে যি মণিপুৰৰ মুঠ জনসংখ্যাৰ দুই শতাংশ৷ ৩০০ গীৰ্জা, মঠ-মন্দিৰ, মজিদ ভাঙি পেলোৱা হৈছে৷ সামৰিক বাহিনীৰ পৰা ৫০০০ আগ্নেয়-অস্ত্ৰ আৰু প্ৰায় ৬ লাখ গুলী-বাৰুদ লুট কৰা হৈছে৷ এনে ঘটনাক সাধাৰণ ঘটনা বুলি কোৱাটোৱে প্ৰমাণ কৰে উত্তৰ-পূৱকলৈ মোদী তথা বিজেপি কিমান উদ্বিগ্ন৷ তেওঁ লগতে কয় যে যি সময়ত মণিপুৰ জ্বলি আছিল সেই সময়ত মোদী কৰ্ণাটক নিৰ্বাচন আৰু বিদেশ ভ্ৰমণত ব্যস্ত আছিল৷ মণিপুৰ জ্বলি আছিল কিন্তু তেওঁ মৌনব্ৰত পালন কৰি আছিল৷ যেতিয়া দুগৰাকী কুকী মহিলাক গণ ধৰ্ষণৰ লজ্জাজনক ভিডিঅ’ পোহৰলৈ আহিছিল তেতিয়া মোদীয়ে ৮০ দিনৰ মূৰত মৌনতা ভংগ কৰিছিল৷ তেওঁ ৮০ দিনৰ মূৰত সাৰ পাইছিল আৰু মাত্ৰ ৩৭ ছেকেণ্ডত মণিপুৰক লৈ সমবেদনা জ্ঞাপন কৰিছিল। আনহাতে মণিপুৰৰ ঘটনাত কেন্দ্ৰৰ স্থিতি ৰহস্যজনক বুলি অভিহিত কৰি তেওঁ কয় যে হিংসাত্মক ঘটনা ৰোধ কৰাৰ সময়ত মণিপুৰ আৰক্ষী এফালে আৰু অসম ৰাইফলছ আনফালে গতি কৰিছিল৷ অসম ৰাইফলছ কেন্দ্ৰীয় গৃহ বিভাগৰ অধীনত চলে তেনে ক্ষেত্ৰত মণিপুৰৰ ঘটনাত কেন্দ্ৰৰ হাত আছিল নেকি বুলিও প্ৰশ্নৰ অৱতাৰণা কৰি তেওঁ আৰু কয় যে অনাস্থা প্ৰস্তাৱৰ উত্তৰত হাঁহি হাঁহি উত্তৰ দি ব্যংগাত্মক সুৰত কথা কোৱাটোৱে প্ৰমানমন্ত্ৰী আৰু বিজেপিৰ দেশ তথা উত্তৰপূৱৰ প্ৰতি দায়বদ্ধতা কিমান সেয়ো প্ৰমাণিত কৰিছে৷ আনহাতে প্ৰাধনমন্ত্ৰী মোদীয়ে বিগত ৯ আগষ্টত ভাৰত ত্যাগ আন্দোলন লৈ কৰা মন্তব্য তথা দেশত পৰিয়ালবাদৰ ৰাজনীতিৰ কথা উল্লেখ কৰা সন্দৰ্ভত কৰা মন্তব্যক উভতি ধৰি ৰিপুণ বৰাই কয় যে সম্প্ৰতি বিজেপিত হে অধিক পৰিয়ালবাদৰ ৰাজনীতি আছে৷ ৰাজনাথ সিঙৰ পুত্ৰ পংকজ সিঙ উত্তৰ প্ৰদেশৰ বিধায়ক, বিজেপিৰ প্ৰাক্তন কোষাধষ্য বেদ প্ৰকাশ গোৱেলৰ পুত্ৰ পিযুষ গোৱেল কেন্দ্ৰেীয় মন্ত্ৰী বুলি উদাহৰণ দি ৰাষ্ট্ৰীয় বিজেপিত সম্প্ৰতি থকা ২৩জন পৰিয়ালবাদৰ ৰাজনীতিকৰ তালিকা দাঙি ধৰে৷ আনহাতে দুৰ্নীতি ভ্ৰষ্টাচাৰক ভাৰত ত্যাগ কৰিবলৈ মোদীয়ে জনোৱা আহ্বানক উভতি ধৰি ৰিপুন বৰাই কয় যে বিজেপিতে বিয়াগম বিয়াগম দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী-বিধায়ক আছে৷ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডুৰূপ্পাৰ পৰ্বত সম দুৰ্নীতি, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ৭০ হাজাৰ কোটিৰ দুৰ্নীতি, শুভেন্দু অধিকাৰীৰ সাৰদা-নাৰদা কেলেংকাৰীৰ কথা উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰীৰ কথা বিজেপিয়ে নিজে নিজৰ পুস্তিকাত উল্লেখ কৰিছিল বুলি মোদীৰ মন্তব্যৰ ক্ষুৰধাৰ সমালোচনা কৰে৷ আনহাতে দেশত বেংকত কথা ৰাইজৰ ধন উদৰস্থ কৰি বিদেশত পলাই যোৱা নিৰৱ মোদী, বিজয় মালিয়া, মেহোৰ ছক্সি, ললিত মোডীক মোদী চৰকাৰৰ দিনতে ভিছা প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ’ৰ পুত্ৰ জয় শ্বাহে ৫০০০০ টকাৰে ব্যৱসায় আৰম্ভ কৰি এবছৰৰ ভিতৰত ৮০০০০ কোটি টকালৈ কেনেকৈ বৃদ্ধি কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে ৰিপুন বৰাই। সংবাদ মেলত সভাপতি ৰিপুন বৰাৰ সৈতে অসম তৃণমূলৰ ৰাজ্যিক নেতৃত্ব গজেন্দ্ৰ উপমান্যু, ঘনকান্ত চুতীয়া আৰু অৰূপজ্যোতি ভূঞা উপস্থিত আছিল।
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment