ৰাজ্যজুৰি 'মোৰ মাটি মোৰ দেশ' কাৰ্যসূচী আৰম্ভ

 


গুৱাহাটী,৯ আগষ্টঃ 'আজাদী কা অমৃত মহোৎসৱ'ৰ অংশ হিচাপে আৰম্ভ হোৱা 'মোৰ মাটি মোৰ দেশ' অভিযানৰ অধীনত সমগ্ৰ দেশৰ লগতে কামৰূপ মহানগৰ জিলাতো দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰি 'শিলাফলকম' স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷ আজি গুৱাহাটী পৌৰ নিগমৰ এলেকাধীন পান বজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনৰ লগতে জিলাখনৰ বিভিন্ন পঞ্চায়তত 'শিলাফলকম' স্থাপন কৰা হয়৷ পানবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত স্থাপন কৰা স্মৃতিফলকৰ সন্মুখত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়া, জিলা আয়ুক্ত পল্লৱ গোপাল ঝা, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘ নিধি দাহাল প্ৰমুখ্যে জ্যেষ্ঠ বিষয়া আৰু বিশিষ্ট ব্যক্তিসকলে 'পঞ্চ সংকল্প' পাঠ কৰে৷ ডিমৰীয়াৰ চমতা পাহাৰ হাইস্কুল প্ৰাংগনত শ্বহীদ বিনোদ ফাংচ'ৰ নাম সম্বলিত স্মৃতিফলক 'শিলাফলকম' স্থাপন কৰা হয়৷ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী পৌৰ নিগমৰ লগতে ২১ টা পঞ্চায়তত 'শিলাফলকম' স্থাপনৰ ব্যৱস্থা কৰা হৈছে৷ 'শিলাফলকম' স্থাপনৰ উপৰি গুৱাহাটী পৌৰ নিগম আৰু প্ৰতিটো পঞ্চায়তত স্বাধীনতা দিৱসৰ পূৰ্বে 'বসুধা বন্দন' কাৰ্যসূচীৰ অধীনত ৭৫ টাকৈ গছপুলি ৰূপনৰ পদক্ষেপ লোৱা হৈছে৷ আনহাতে জিলাখনৰ প্ৰতিটো প্ৰান্তত বিগত বছৰৰ দৰে এইবছৰো 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ অধীনত যাতে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উৰোৱাই বা উত্তোলন কৰে তাৰ বাবে ব্যাপক প্ৰচাৰ অভিযানৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে ২৩ আগষ্টত গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ড আৰু গাঁও পঞ্চায়ত এলেকাৰ প্ৰতিখন গাঁৱৰ পৰা মাটি সংগ্ৰহৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে যাবতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment