মহানগৰ আৰক্ষীৰ অভিযানত বাৰ্মিজ চুপাৰী আৰু অবৈধভাৱে মজুত ৰখা ছিলিণ্ডাৰ জব্দ

 




গুৱাহাটী,১২ আগষ্টঃ এছ টি এফ আৰু গুৱাহাটীৰ বশিষ্ঠ থানাৰ আৰক্ষীৰ দলে বাৰ্মিজ চুপাৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যোৱানিশা গুৱাহাটীত যুটীয়া অভিযান চলায়। এই যুটীয়া অভিযানত নগালেণ্ডৰ পৰা আহি নিশা দহ বজাত গুৱাহাটীত সোমোৱা এ এছ-০১-জি চি-০৭৫৬ নম্বৰৰ টাটা এল পি ট্ৰাক এখনত বেহৰবাৰী এলেকাত তালাচী চলাই ট্ৰাকখনৰ গোপন চেম্বাৰত লুকুৱাই অনা ২৮ টা বেগত ভৰাই অনা মুঠ ১৪ কুইণ্টল ওজনৰ‌ বাৰ্মিজ চুপাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলটোৱে এই বাৰ্মিজ চুপাৰীখিনিৰ লগতে ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালকদ্বয় দীপক বসুমতাৰী আৰু ৰমেন বসুমতাৰীক আটক কৰে। এই সংক্ৰান্তত বশিষ্ঠ আৰক্ষীৰ দ্বাৰা গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাই থকা হৈছে। আনহাতে এছ টি এফ আৰু অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থান অৰ্থাৎ বি আই (ই অ')-ই আজি পুৱা গুৱাহাটীত এক বিশেষ অভিযান চলাই ৪৩ টা এল পি জি গেছ চিলিণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলটোৱে গুৱাহাটীৰ হাতিগাওঁ থানা এলেকাৰ ঘোঁৰামাৰাৰ এখন গেলামালৰ‌ দোকানত অবৈধ তথা অসুৰক্ষিত ভাবে মজুত ৰখা এই চিলিণ্ডিৰ সমূহ জব্দ‌ কৰাৰ লগতে দোকানখনৰ গৰাকী যোগেশ কলিতাক আটক কৰে। এই সংক্ৰান্তত বি আই(ই অ') থানাত ২০/২০২৩ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment