উৎকোচ লৈ পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এজন কৰ্মচাৰী



গুৱাহাটী,১১ আগষ্টঃ ৰাজ্যত এজনৰ পাছত আনজনকৈ চৰকাৰী চাকৰিয়াল দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে যদিও কেৰেপেই নকৰে একাংশ বিষয়াই। শুকুৰবাৰে পুনৰ গুৱাহাটী মহানগৰীত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল আন এজন চৰকাৰী কৰ্মচাৰী। কো-অপাৰেটিভ ছ’চাইটিৰ উপ পঞ্জীয়কৰ কাৰ্যালয়ত চলা অভিযানত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে বিষয়াজন। উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা বিষয়াজন হ'ল উক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক মুক্তাৰ আহমেদ। ৫০০০ টকাৰ উৎকোচ লোৱাৰ অপৰাধত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক। সূত্ৰমতে ঋণৰ অনুজ্ঞাপত্ৰৰ প্ৰক্ৰিয়া কাম ক্ষিপ্ৰ কৰাৰ বিনিময়ত ঘোচ লৈ ধৰা পৰে আহমেদ। গ্ৰেপ্তাৰৰ পাছতেই অভিযুক্ত আহমেদৰ বাসগৃহতো অভিযান চলাই দলটোৱে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment