গুৱাহাটী,১২ আগষ্টঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ মুঠ ১৪০ গৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ বিশেষ সন্মান। দেশৰ এই ১৪০ গৰাকী আৰক্ষী বিষয়াৰ ভিতৰত স্থান লাভ কৰিছে অসম আৰক্ষীৰ ৪ গৰাকী বিষয়াই। কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ২০১৮ চনৰ পৰা প্ৰদান কৰি অহা গৃহমন্ত্ৰীৰ অনুসন্ধানমূলক উৎকৃষ্টতা বঁটা এইবাৰ অসমৰ চাৰিগৰাকী আৰক্ষী বিষয়াই লাভ কৰিছে। বঁটা লাভ কৰা আৰক্ষী বিষয়া কেইগৰাকী হৈছে আৰক্ষী উপ আয়ুক্ত সুৰজিৎ সিং পানেছাৰ, আৰক্ষী পৰিদৰ্শক দুৰ্গা কিংকৰ কুমাৰ, আৰক্ষী পৰদৰ্শক আৰিফুল হক আৰু উপ-পৰদৰ্শক এম থাদৈ সিংহ। উল্লেখ্য যে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহ মন্ত্রনালয়ৰ বিশেষ সন্মান লাভ কৰা অসম আৰক্ষীৰ বিষয়া কেইজনক শুভেচ্ছা জ্ঞাপন কৰিছে।
.jpeg)
0 Comments:
Post a Comment