বিশ্ব অংগ সংৰোপণৰ দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীত বিশাল বাইক ৰেলী


গুৱাহাটী,১৩ আগষ্টঃ বিশ্ব অংগ সংৰোপণ দিৱস ২০২৩ৰ লগত সংগতি ৰাখি আজি পুৱা গুৱাহাটীত এক বিশাল বাইক ৰেলী আয়োজন কৰে ডাঃ ভৱ দাস ফাউণ্ডেছনে। এই বাইক ৰেলীত ডাঃ ভৱ দাস ফাউণ্ডেছনক সহযোগ কৰে জুৱলী ফাউণ্ডেছন আৰু ইণ্ডিয়ান মেডিকেল এচোছিয়েশ্যন গুৱাহাটী শাখায়ে। এই বাইক ৰেলীৰ ফ্লেগ অফ কৰি উক্ত অনুষ্ঠানৰ শুভাৰম্ভনি কৰে ব্ৰিগেডিয়াৰ সঞ্চিৱ চোপ্ৰাই। অংগ সংৰোপণৰৰ সজাগতা বৃদ্ধিৰ মহৎ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা এই বাইক ৰেলীত প্ৰতিকুল বতৰক নেওচি যথেষ্ট সংখ্যক বাইক ৰাইডাৰে অশংগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ দৰে অসমৰ আন তিনিখন জিলা যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰটো একে সময়তে বাইক ৰেলী আয়োজন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি আলোচনা চক্ৰ আয়োজন কৰা হয় হেল্থ চিটী হাস্পতালত। এই আলোচনা চক্ৰত অশংগ্ৰহণ কৰি দেশৰ অন্যতম হৃদৰোগ শল্য চিকিৎসক তথা ডাঃ ভৱ দাস ফাউণ্ডেছনৰ সভাপতি ডাঃ ভৱ দাসে অংগ সংৰোপণৰ গুৰুত্ব আৰু সজাগতাৰ ওপৰত নিজৰ বহুমূলীয়া ভাষন প্ৰদান কৰে। উল্লেখযোগ্য যে ডাঃ ভৱ দাসে ভাৰতবৰ্ষৰ প্ৰথমটো সফল কেডেভাৰিক হাৰ্ট ট্ৰান্সপ্লান্ট কৰিছিল। আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে অশংগ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যাম, শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত আৰু জুৱলী ফাউণ্ডেছনৰ মুখ্য উদ্যোগতা জনপ্ৰিয় কণ্ঠশিল্পী জুৱলী বৰুৱা, ইণ্ডিয়ান মেডিকেল এচোছিয়েশ্যন গুৱাহাটী শাখাৰ উপ-সভাপতি ডাঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। অংগ সংৰোপণৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে কাম কৰি অহা জুৱলী ফাউণ্ডেছনৰ হৈ জুৱলী বৰুৱাই কয় যে ডাঃ ভৱ দাস ফাউণ্ডেছনৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানৰ দৰে আৰু যথেষ্ট সংখ্যক অনুষ্ঠানৰ প্ৰাসংগিকতা আছে আৰু জুৱলী ফাউণ্ডেছন সদায় এই মহৎ উদ্দেশ্যৰ লগত অনাগত দিনটো জঢ়িত হৈ থাকিব। একেদৰে ইণ্ডিয়ান মেডিকেল এচোছিয়েশ্যন গুৱাহাটী শাখাৰ উপ-সভাপতি ডাঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই অংগ সংৰোপণৰ বিষয়টোত গুৰুত্ব আৰোপ কৰে। হেল্থ চিটী হাস্পতালৰ মেডিকেল ডিৰেক্টৰ ডাঃ ভৱানী প্ৰসাদ চক্ৰৱৰ্তীয়েও এই অনুষ্ঠানত উপস্থিত থাকি নিজৰ ভাষন প্ৰদান কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment