গুৱাহাটী,১৩ আগষ্টঃ গুৱাহাটীৰ 'আমি বনৰীয়া'ৰ সৌজন্যত আৰু Backpackers of Highlender দলৰ সহযোগত Mt yunum শিখৰ আৰোহণ অভিযানলৈ ওলাইছে গুৱাহাটীৰ চাৰিজনীয়া এটা দল। শনিবাৰে নিশা অভিযাত্ৰী দলটোৰ কাৰ্যসূচীৰ ফ্লেগ অফ কৰা হয়। বিশিষ্ট পৰ্বতাৰোহী তথা অৱসৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া অজিত কলিতা আৰু বিশিষ্ট পৰ্বতাৰোহী তথা সঁফুৰা আলোচনীৰ মূখ্য সম্পাদক ৰূপম বৰুৱাই এই অভিযানৰ ফ্লেগ অফ কৰে। আজি পুৱা ইউনাম শিখৰ আৰোহণ অভিযানৰ চাৰিগৰাকী অভিযাত্ৰী দলে গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰে। অভিজ্ঞ পৰ্বতাৰোহী ৰাজেশ ৰাভা নেতৃত্বত যোৱা দলটোত আছে গৌৰাঙ্গ বড়ো, ঋষিৰাজ ৰাভা আৰু পূৰ্ণিমা আগ্ৰা।
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment