অসম আৰক্ষীত আজিৰে পৰা আৰম্ভ হ'ল বি এম আই টেষ্টিং
গুৱাহাটী,১৬ আগষ্টঃ অসম আৰক্ষীত আজিৰে পৰা আৰম্ভ হ'ল বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিং। ৰাজ্যৰ ৩৫টা স্থানত অসম আৰক্ষীৰ বাবে এই পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ৩১ আগষ্টলৈ চলিব এই বি এম আই টেষ্টিং। আজি গুৱাহাটীৰ কাহিলিপাৰাস্থ চতুৰ্থ অসম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজে বি এম আই পৰীক্ষাৰ সন্মূখীন হৈ এই কাৰ্যসূচীৰ শুভাৰম্ভনী কৰে। বি এম আই পৰীক্ষাত সম্পূৰ্ণ ফিট হিচাপে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী বি এম আই ৩০ শাখাৰ অন্তৰ্ভুক্ত হয়। সংবাদ মাধ্যমৰ আগত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে আৰক্ষীৰ লোকসকলক তিনি মাহৰ সময় দিয়া হৈছিল আৰু সেই সময়সীমাৰ পাছত আজিৰে পৰা বি এম আই পৰীক্ষা আৰম্ভ কৰা হৈছে। ইয়াৰ বাবে অসম আৰক্ষীৰ এটা ডাটাবেচ বনোৱা হৈছে। তেওঁ কয় যে আমি অসম আৰক্ষীক সুস্থ আৰু সবল কৰি ৰাখিব বিচাৰিছো। অহা বছৰৰ পৰা বি এম আইৰ লগত ব্লাড প্ৰেচাৰ আৰু ব্লাড চুগাৰ টেষ্ট কৰাৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত চিটি স্কেন, এক্সৰে আৰু আল্ট্ৰাচাউণ্ড কৰাৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ লগতে কয় যে ৩১ আগষ্টলৈ বি এম আই পৰীক্ষা চলিব। এঘণ্টাত ৩৫০ জন লোকৰ পৰীক্ষা কৰিব পৰা যায়। এই পৰীক্ষাৰ পাছত ৩০ প্লাছ বি এম আই থকা সকলক দেৰগাঁও ট্ৰেনিং চেণ্টাৰলৈ প্ৰশিক্ষণৰ বাবে পঠিওৱা হ'ব। এমাহৰ পৰা তিনি মাহলৈ চলি প্ৰশিক্ষণ। পৰ্যায়ক্ৰমে অসম আৰক্ষীৰ লোকসকলক সম্পূৰ্ণ ৰূপে ফিট কৰি তোলা হ'ব বুলি তেওঁ কয়।

0 Comments:
Post a Comment