গুৱাহাটী,১৫ আগষ্টঃ দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস মঙলবাৰে উলহ-মালহেৰে অসম বিধানসভা চৌহদত উদযাপন কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱসৰ কার্যসূচী আৰম্ভ কৰি উপস্থিত সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। ভাষণ প্ৰসংগত অধ্যক্ষ গৰাকীয়ে স্বাধীনতাৰ যুঁজত আত্মবলিদান দিয়া দেশৰ লগতে অসমৰ বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয় যে চহকী সাংস্কৃতিক ঐতিহ্যৰে বিশ্বৰ অন্যতম পুৰণি সভ্যতাৰ ভাৰতে স্বাধীনতাৰ পিছৰে পৰা সৰ্বাংগীন আৰ্থ-সামাজিক অগ্ৰগতি লাভ কৰিছে। আজি ভাৰতে বিজ্ঞান, প্ৰযুক্তি, চিকিৎসা আদি সকলো ক্ষেত্ৰতে পৃথিৱীৰ ভিতৰতে এখন প্ৰভাৱশালী দেশ ৰূপে স্বীকৃতি লাভ কৰিছে। সেয়ে আজি দেশে প্ৰদান কৰা সুযোগ সুবিধাসমূহ সকলোৱে গ্রহণ কৰি ৰাজ্যক তথা দেশক আৰু অধিক উন্নয়নৰ দিশে আগবঢ়াই নিবলৈ অধ্যক্ষ গৰাকীয়ে আহ্বান জনায়। অনুষ্ঠানত এন চি চিৰ সদস্যসকলে কুচ-কাৱাজ প্রদর্শন কৰাৰ লগতে বহুকেইটা সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment