গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি


গুৱাহাটী,২ আগষ্টঃ গৰমৰ বন্ধ শেষ হোৱাৰ পিছৰে পৰা পুনৰ আৰম্ভ হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসসমূহত নিয়মীয়া পাঠদান। কিন্তু শেহতীয়াকৈ ৰাজ্যত গৰমৰ প্ৰকোপ পুনৰ বৃদ্ধি পোৱাত স্বাভাৱিক জন-জীৱন পুনৰ প্ৰায় স্তব্ধ হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ নিয়মীয়া পাঠদানৰ সময়সূচী পুনৰ সালসলনি কৰা হৈছে। কামৰূপ জিলা আয়ুক্তৰ নিৰ্দেশনা অনুসৰি ৩ আগষ্টৰ পৰা পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হ'ব গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদান। কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে স্বাক্ষৰ কৰা এক নিৰ্দেশনা অনুসৰি নিম্ন প্ৰাথমিকৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ অব্যাহত থাকিব। সেইদৰে এম ই স্কুলৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ আৰু হাইস্কুল, হায়াৰ ছেকেণ্ডেৰীৰ পাঠদান ৭.৩০ বজাৰ পৰা দিনৰ ১ বজালৈ অব্যাহত থাকিব। তদুপৰি বিদ্যালয়সমূহক পুৱাৰ প্ৰাতঃসভা মুকলি আকাশৰ তলৰ পৰিৱৰ্তে শ্ৰেণী কোঠাৰ ভিতৰতে অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অহা ১৫ আগষ্ট পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment