এক কোটি গছপুলি ৰোপণৰ লক্ষ্যৰে অমৃত বৃক্ষ আন্দোলনৰ ম'বাইল এপ আৰু ৱেব প'ৰ্টেল মুকলি
গুৱাহাটী,২ আগষ্টঃ অসমৰ সেউজ আৱৰণৰ প্ৰসাৰণ তথা বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণ বাবে চলিত বৰ্ষৰ ১৭ ছেপ্টেম্বৰত ৰাজ্যখনত এক কোটি ব্যৱসায়যোগ্য গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। ইয়াৰ বাবে আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক অনুষ্ঠানত অংশ লৈ এই বৃহৎ বৃক্ষৰোপণ কাৰ্যসূচী অমৃত বৃক্ষ আন্দোলনৰ ম'বাইল এপ, ৱেব প'ৰ্টেল, শীৰ্ষ গীত(থীম ছং) আৰু কাঠভিত্তিক উদ্যোগৰ পঞ্জীয়নৰ বাবে ৱেব প'ৰ্টেল মুকলি কৰে। এই কাৰ্যসূচীৰ জৰিয়তে গছপুলি ৰোপণ কৰাৰ বাবে আগ্ৰহী ব্যক্তিসকলে ‘অমৃত বৃক্ষ আন্দোলন’ এপত পঞ্জীয়ন কৰিব লাগিব। গছপুলিসমুহ বিভিন্ন বিতৰণ কেন্দ্ৰৰ জৰিয়তে লাভ কৰিব পাৰিব আৰু গছপুলি ৰোপণৰ জিঅ' টেগ ফটো গ্ৰহণ কৰি ‘অমৃত বৃক্ষ আন্দোলন’ এপত আপলোড কৰিব লাগিব। গছপুলি ৰোপণৰ বিনিময়ত যোগ্য বিবেচিত ব্যক্তিসকলে এশ টকাকৈ লাভ কৰিব। তিনি বছৰৰ পাছত গছজোপা জীয়াই থাকিলে অতিৰিক্তভাৱে দুশ টকাকৈ লাভ কৰিব। ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হবলগীয়া এই গছপুলি ৰোপণ কাৰ্যসূচীত আত্মসহায়ক গোটৰ সদস্য, অংগনবাড়ী কৰ্মী, আশা কৰ্মী, বিভিন্ন শিক্ষানুষ্ঠান, চাহ বাগিচাসমূহৰ শ্ৰমিকসকল, আৰক্ষী বেটেলিয়ন আৰু গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে অংশগ্ৰহণ কৰি এক কোটি ব্যৱসায়িকভাৱে চাহিদাসম্পন্ন গছপুলি ৰোপণ কৰিব। অসম চৰকাৰৰ উদ্যোগত আৰম্ভ কৰা এই অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কাৰ্যসূচী সফল কৰাৰ বাবে বন বিভাগৰ লগতে সংশ্লিষ্ট বিভাগসমূহক সুপৰিকল্পিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰিছে। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰণজিৎ কুমাৰ দাস, কেশৱ মহন্ত, যোগেন মহন আৰু সঞ্জয় কিষাণৰ লগতে কেইবাগৰাকী বিধায়ক, ৰাজ্য চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, অতিৰিক্ত মূখ্য সচিব ৰবিশংকৰ প্ৰসাদ আৰু প্ৰধান মূখ্য বন সংৰক্ষক এম কে যাদৱ প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।


0 Comments:
Post a Comment